গুৱাহাটী : নিয়ন্ত্ৰণৰ বাহিৰত পে’ট্ৰল, ডিজেলৰ মূল্য। হুৰহুৰাই বাঢ়িছে পে’ট্ৰল, ডিজেলৰ মূল্য। ইতিমধ্যে কেইবাখনো ৰাজ্যৰ শতকৰা ঘৰ স্পৰ্শ কৰিছে পেট্ৰল, ডিজেলৰ মূল্যই। শতকৰা ঘৰ স্পৰ্শ কৰাৰ পিছতো থমকি ৰোৱা নাই পেট্ৰল, ডিজেলৰ মূল্য। প্ৰতিদিনে বৃদ্ধি পাই আছে পেট্ৰল, ডিজেলৰ মূল্য। চৰকাৰ সক্ষম নহয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ। অৱশেষত ওলাই আহিবলৈ বাধ্য হ’ল বিৰোধী।

পে’ট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজ। প্ৰতিদিনে বৃদ্ধি পাই থকা পে’ট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিকলৈ চৰকাৰ চিন্তিত নহয়। প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত শতকৰা ঘৰ স্পৰ্শ কৰাৰ পিছতো নিয়ন্ত্ৰণহীনভাৱে প্ৰতিদিনে বৃদ্ধি পাই আছে। পে’ট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত বিফল হোৱা চৰকাৰখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে বিৰোধী দল সমূহে।

পশ্চিম বংগত তৃণমূল কংগ্ৰেছে পে’ট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ চলাই থকাৰ মাজতে কংগ্ৰেছ দলেও ৰাজপথলৈ নামি আহিছে। যোৱা ৭ জুলাইৰ পৰা কংগ্ৰেছ দলে দেশজুৰি পে’ট্ৰল, ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তৰ্গত শনিবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কংগ্ৰেছ দলে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক :  সোণাৰিত পথৰ আধাৰশিলা স্থাপন সাংসদ তপন কুমাৰ গগৈৰ

উজনিৰ পৰা নামনিলৈকে শনিবাৰে কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰি শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰে। বৰপেটা, বঙাইগাঁও, নগাঁও, ধুবুৰী জিলাতে জিলা কংগ্ৰেছৰ তত্বাৱধানত আৰু এনএছইউএইৰ উদ্দোগত পে’ট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰৰিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। কংগ্ৰেছ কর্মী সকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply