গুৱাহাটীঃ বিজেপি চৰকাৰৰ মিথ্যাচাৰ,জনবিৰোধী নীতি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৰাজ্য়জুৰি কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন ।

সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ কেন্দ্ৰ–ৰাজ্য চৰকাৰক লৈ ক্ষোভ অসম প্ৰদেশ কংগ্ৰেছৰ ৷ নিৰ্বাচনৰ পূৰ্বে পেট্ৰ’ল–ডিজেলৰ মূল্য়কে ধৰি খাদ্য–সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰনৰ আশ্বাস দিছিল মোদী চৰকাৰে৷ কিন্তু ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰত বিজেপিয়ে চৰকাৰ দখল কৰাৰ ৭বছৰৰ পিছতো পৰিৱৰ্তন নাহিল৷ দিনক দিনে বৃদ্ধি পাইছে সামগ্ৰীৰ মূল়্য৷

মহানগৰীৰ গুৱাহাটী ক্লাৱত হাতে হাতে বেনাৰ লৈ কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ ৷ প্ৰতিবাদত অংশ ল’লে ববিতা শৰ্মা, কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা৷

ধেমাজিত কংগ্ৰেছৰ প্ৰতিবাদ

ইফালে, ধেমাজিতো পুৱা১০বজাৰ পৰা১২ বজালৈকে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ। বি জে পি চৰকাৰে জনাদেশক ভৰিৰে মোহাৰি পেলোৱা আৰু মধ্যভোগী দালাল কাৰণে ৰন্ধনগেছ,পেট্ৰল,ডিজেল, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত অৱস্থান ৰ্ধমঘট ৷

লগতে পঢ়কঃলখিমপুৰত জিলা কংগ্রেছৰ অৱস্থান ধৰ্মঘট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply