নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী অসমত আহি উপস্থিত হোৱা দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে। ধুবুৰীৰ ৰাজীৱ ভৱনতো অসম প্ৰদেশ কংগ্ৰেছে জীগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে। গুজৰাটৰ দলিত নেতা জীগনেশ মেৱানীক শীঘ্ৰে অসম চৰকাৰে মুক্তি দিয়াৰ দাবীত এনেদৰে অৱস্থান ধৰ্মঘট সাব্যস্ত কৰা হৈছে।

YouTube video

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত কয়- ‘এতিয়া মানুহে কোনফালে যাব, কেতিয়া খাব, কেতিয়া শুব , কোনে কেতিয়া বিহু পাতিব পুলিচৰ পৰা পাৰ্মিছন ল’ব লাগিব। এজন আহিছে গুজৰাটৰ পৰা। তেওঁক আদৰিবলৈ ৩০ কোটি টকা খৰচ কৰিছে। যিখন বিধানসভাত মোডী ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, সেইখন বিধানসভাৰ এগৰাকী সন্মানীয় বিধায়কৰ বিৰুদ্ধে নাৰী সম্পৰ্কীয় অভিযোগ আনিছে। কোনে আনিছে, পুলিচে। গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি অনা সময়ত ৪-৫গৰাকী পুলিচ আছিল, সেই সময়ত তেওঁ নাৰীৰ দেহত হাত দিব পাৰে নেকি? ‘

কংগ্ৰেছ নেতাগৰাকী লগতে কয়- ‘এনে মনা সজা অভিযোগ, এনেকুৱা ষড়যন্ত্ৰত অসম পুলিচ কিয় ব্যৱহাৰ হ’ব লাগে?অসম পুলিচৰ আত্মসন্মান আছে। অসম পুলিচৰ স্বাভিমান-আত্মসন্মানক বিজেপি-আৰএছএছ-য়ে হাথিয়াৰ হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে? ‘

এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে এই সন্দৰ্ভত কয় যে- ‘জীগনেশ মেৱানীক যি কাৰণত গ্ৰেপ্তাৰ কৰিছে সেইটো গ্ৰেপ্তাৰ কৰাৰ কাৰণে নহয়। এটা টুইটত তেওঁ শান্তি , সম্প্ৰীতি ৰক্ষা কৰাৰ বাবে তেওঁ আহ্বান কৰিছিল। তেওঁ চোৰ-ডকাইত, ধৰ্ষণ কৰা নাই। এয়া পলিটিকেল হাৰাছমেন্ট। কোনোবাই যদি চৰকাৰৰ বিৰুদ্ধে কথা কয় তেন্তে চৰকাৰে তেওঁক দমন কৰাৰ চেষ্টা কৰে। গতিকে চৰকাৰে শীঘ্ৰে তেওঁক মুক্তি দিব লাগে।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply