নগাঁওঃ ”বিজেপিৰ পৰা এজন জনজাতীয় মানুহকহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল অসমৰ ৰাইজে। পিছে এইজন কেনেকৈ মুখ্যমন্ত্ৰী হ’ল সেয়া সকলোৱে জানে। এইজন দুই নম্বৰী মুখ্যমন্ত্ৰী।”- এই মন্তব্য বিধায়ক ৰকিবুল হুছেইনৰ। আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে EDয়ে চমন জাৰি কৰাৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদত অংশগ্ৰহণ কৰি এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে চামগুৰিৰ বিধায়কগৰাকীয়ে।
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিৰোধী দলৰ উপ-দলপতি গৰাকীয়ে সংবাদ মাধ্যমকো সমালোচনা কৰি কয়, ”আপোনালোকক কথা কৈও লাভ নাই, কাৰণ আপোনালোকৰ দেখুৱাবলৈকো সাহস নাই। মই যি কম সেয়া কাট-পেষ্ট কৰিহে দেখুৱাব। হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুলৈ আজিকালি সকলোৱে ভয় কৰে।”
ইফালে, প্ৰতিবাদত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়- ”অসমৰ কোনো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নাম কেলেংকাৰীত সাঙোৰ খোৱা নাছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নাম কেলেংকাৰীত সাঙোৰ খাইছে। কোভিডৰ দুৰ্যোগৰ মাজতো পিপিই কিটৰ নামত কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ। ভূমিহীনৰ বাবে আবণ্টিত ভূমিও আত্মসাৎ কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ। ED কেৱল কংগ্ৰেছৰ বিৰুদ্ধেহে কিয়। সাহস আছে যদি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ওপৰতো তদন্ত কৰক EDয়ে।”
আনহাতে, এআইইউডিএফকো কঠোৰ সমালোচনা কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, ”এআইইউডিএফে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কথা ক’বলৈ সাহস নকৰে। তেঁওলোকে কেৱল কংগ্ৰেছকহে সমালোচনা কৰে।” উল্লেখযোগ্য যে, নগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ইডিয়ে চমন জাৰি কৰাৰ বিৰুদ্ধে আয়োজিত প্ৰতিবাদী সভাত আজি অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা আৰু শিৱামণি বৰাই।
নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই সভাপতিত্ব কৰা প্ৰতিবাদী সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাৰ অন্তত কংগ্ৰেছ কৰ্মী সকলে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী সমদলো বাহিৰ কৰে।