গুৱাহাটী : পেগাছাছ কাণ্ডই সমগ্ৰ বিশ্বৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে জোকাৰণীৰ। ইজৰাইলৰ পেগাছাছ স্পাইৱেৰ জৰিয়তে বিভিন্ন দেশৰ চৰকাৰে সাংবাদিক, অধিবক্তা, ৰাজনৈতিক নেতা সকলৰ ওপৰত চোৰাংচোৱাগিৰি চলাই আহিছে। শেহতীয়াভাৱে এই চোৰাংচোৱাগিৰিৰ সাম্ভাব্য চিকাৰ হোৱাৰ অভিযোগ উঠিছে ভাৰতৰ ৪০ গৰাকীতকৈ অধিক সাংবাদিক, বিভিন্ন উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াৰ লগতে বিৰোধী দলৰ নেতা সকল। এই পেগাছাছ স্পাইৱেৰ চিকাৰ ৰাহুল গান্ধী হৈছে বুলিও অভিযোগ উত্থাপন হৈছে।
পেগাছাছ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিৰকলৈ দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ থকাৰ মাজতে শনিবাৰে ইয়াৰ তদন্তৰ দাবীত ৰাজপথ উত্তাল কৰে কংগ্ৰেছ দলে। গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত পেগাছাছ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। পেগাছাছ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ দলে ৰাজ ভাৱনা ঘেৰাও কাৰ্যসূচী হাতত লয়।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলৰ অৰ্ধশতাধিক কৰ্মকর্তাই পদযাত্ৰা কৰি ৰাজ ভৱনৰ সন্মুখত উপস্থিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই পেগাছাছ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিৰ ন্যায়িক তদন্তৰ দাবী কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী জনায়।
লগতে পঢ়ক : অসম অৰুণাচল সীমান্তৱৰ্ত্তী মাটি পাহাৰ সংৰক্ষণৰ দাবী
ৰিপুন বৰাই কয় যে পেগাছাছ দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিছিল কিন্তু বিজেপিয়ে বিৰোধী দলৰ নেতা সকলৰ চোৰাংচোৱাগিৰিত পেগাছাছ ব্যৱহাৰ কৰি দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি আনিছে। প্ৰতিবাদকাৰী সকলক ৰাজ ভৱন অভিমুখে যাত্রাত আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ দলৰ অন্য তিনিজন নেতাই ৰাজ্যপালক পেগাছাছ স্পাইৱেৰৰ চোৰাংচোৱাগিৰিৰ তদন্তৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰে।