গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত পেট্ৰ’ল-ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । এই সংকটৰ সময়তো বিজেপি চৰকাৰখনে অত্যাৱশ্যকীয় সামগ্ৰীৰ আভাৱনীয় মূল্যবৃদ্ধি ৰোধ নকৰাটোৱে চৰকাৰখনৰ জনবিৰোধী নীতি স্পষ্ট হৈ পৰিছে বুলি মন্তব্য কৰে সাংসদ গৌৰব গগৈয়ে।
গণতান্ত্ৰিক প্ৰতিবাদৰ কৰাৰ সময়ত বিজেপি চৰকাৰখনে পুলিচ প্ৰশাসনৰ হতুৱাই গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰাৰ চেষ্টা কৰি আমাৰ বহু কেইগৰাকী প্ৰতিবাদী কংগ্রেছ নেতা-কৰ্মীক অগণতান্ত্ৰিক ভাৱে আটক কৰে যদিও কিছু সময়ৰ পিছতে আমাক মুকলি কৰি দিবলৈ বাধ্য হয় বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।
অত্যাৱশ্যকীয় সামগ্ৰী, ৰন্ধন গেছ আৰু পেট্ৰ’ল-ডিজেলৰ আস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ জনতাৰ অধিকাৰৰ হ’কে প্ৰদেশ কংগ্ৰেছে বলিষ্ঠভাৱে মাত মাতিব লওঁতেই অসম আৰক্ষীয়ে বৰ্বৰতা প্ৰদৰ্শন কৰিলে। সাধাৰণ জনতাৰ অধিকাৰৰ হ’কে গণতান্ত্ৰিক ভাৱে কৰা প্ৰতিবাদক অগণতান্ত্ৰিক ভাৱে বাধা দিলে অসম আৰক্ষীয়ে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
ৰাইজৰ অধিকাৰৰ হ’কে ইয়াতকৈ বেছি শক্তিশালী ৰূপত অনাগত দিনত মাত মাতি যাম বুলি মন্তব্য কৰে ৰিপুন বৰাই।
লগতে পঢ়ক এইবাৰ অলিম্পিকত বিজয়ীসকলে নিজেই পিন্ধিব লাগিব মেডেল