লখিমপুৰ: কংগ্ৰেছ ফালৰ পৰা আজি লখিমপুৰত প্ৰতিবাদী কাৰ্যসূচী উলিওৱা হয়। প্ৰতিবাদৰ নেতৃত্ব লয় ৰাজ্যিক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীয়ে। শোভাযাত্ৰা উলিয়াই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ৰানা গোস্বামীয়ে কয়, “কম দিনৰ ভিতৰত অসমৰ ৰাইজে বিহলঙনীৰে জাৰিব বিজেপিৰ গাৰ ভূত। বিজেপিক বিহলঙনীৰে জাৰি ৰাইজে কংগ্রেছক শাসন কৰিবলৈ মাতিব।”
মূখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে আজি লখিমপুৰত প্ৰতিবাদ সাব্যস্ত কৰি তেওঁ বিজেপিক আক্ৰমণ কৰি আৰু কয় ছিণ্ডিকেটৰ কেপ্টেইনে একাংশক মন্ত্রী হিচাপে ৰাখি বিজেপিয়ে সোৱে বাৱে ৰাখি লুন্ঠন চলাই আহিছে।
কংগ্রেছৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীয়ে আৰু কয়, ” মুখেৰে ৰাম নাম লৈ হাতেৰে টিলিঙা বজাই পিছ হাতে বিজেপিয়ে লুন্ঠন চলাই আছে বৰ্তমান।”
ক্ষমতাৰ বলত বলীয়ান হৈ বিজেপিয়ে কংগ্রেছৰ বিৰুদ্ধাচৰণ কৰি বকিবলৈ লৈছে বুলিও তেওঁ বিজেপিক সমালোচনা কৰে। কংগ্রেছৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীয়ে।