নিউজ ডেস্কঃ ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল’ ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে শুকুৰবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছে প্ৰতিবাদ কাৰ্যসূচী পালন কৰে।
ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি, ঘিলামৰা ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত মহকুমাটোৰ সকলো পেট্ৰ’ল পাম্পৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰে।
আৰু পঢ়কঃশোণিতপুৰত জ্যেষ্ঠ নাগৰিক সকলৰ ঘৰে ঘৰে গৈ স্বাস্থ্যকৰ্মী সকলে প্ৰদান কৰিলে কৰোনাৰ ভেকচিন
ইফালে, মাজুলী সদৰ গড়মূৰ তিনিআলিৰ পেট্ৰ’ল পাম্পৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰে কংগ্ৰেছ কৰ্মী সকলে।
ইন্ধনজাত সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ নাগৰিকৰ ওপৰত মাধমাৰ সোধাইছে। লকডাউন কেন্দ্ৰিক অচলাৱস্থাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি সৃষ্টি কৰা মূল্যবৃদ্ধিৰ বোজাৰ বিৰুদ্ধে শুকুৰবাৰে কংগ্ৰেছ কৰ্মী সকলে সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে।