গুৱাহাটী : কাছাৰৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিক্ৰিয়া। ৰাজীৱ ভৱনত এক সংবাদ মেল অনুষ্ঠিত কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়াস্থই ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে।
কমলাক্ষ পুৰকায়াস্থই কয় যে ২৪ তাৰিখে শ্বিলংত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত উত্তৰ পূৱৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আলোচনাত মিলিত হয়। ৰাজ্য সমূহৰ মাজত থকা সীমা বিবাদকলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰী সকলৰ আলোচনা হয়। ২৫ তাৰিখে মিজোৰামৰ মুখ্যমন্ত্ৰী লাইলাপুৰ হৈ মিজোৰমালৈ যায় আৰু ইয়াৰ পিছতে ২৬ তাৰিখে পুৱা ১১.৩০ বজাত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়।
কমলাক্ষ পুৰকায়াস্থই কয় যে এই ঘটনা কেনেকৈ সংঘটিত হ’ল। এই ঘটনা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাৰ বাবাই সংঘটিত হৈছে বুলিও কয় কমলাক্ষ পুৰকায়াস্থই। আজি মিজো আৰক্ষীৰ গুলীত অসমৰ ৬ জনকৈ আৰক্ষী জোৱান আৰু এজন সাধাৰণ নাগৰিক নিহত হ’বলগীয়া হৈছে, মিজো আৰক্ষীৰ আক্ৰমণত প্ৰায় ৮০ জনকৈ লোক আহত হৈছে। ইয়াৰ বাবে একমাত্ৰ চৰকাৰ দায়ী বুলিও কয় কমলাক্ষ পুৰকায়াস্থই।
কমলাক্ষ পুৰকায়াস্থই লগতে কয় যে যিটো চৰকাৰে নাগৰিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে সেইটো চৰকাৰ নথকাই ভাল। নাগৰিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰা চৰকাৰ পদত্যাগ কৰিব লাগে বুলিও কয় কমলাক্ষ পুৰকায়াস্থই। বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটি সজাতি দলে লাইলাপুৰৰ ঘটনাস্থলী পৰিদর্শন কৰিব। উল্লেখ্য যে সোমবাৰে কাছাৰৰ লাইলাপুৰত মিজো আৰক্ষীৰ গুলী চালনাৰ ঘটনাত ৬ জনকৈ আৰক্ষীৰ জোৱান আৰু এজন সাধাৰণ নাগৰিক নিহত হৈছিল। আহত হৈছে প্ৰায় ৮০ জনকৈ লোক।