গুৱাহাটী : শ্বেৰমান আলী আহমেদলৈ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী। বাঘবৰ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক গৰাকীৰ মন্তব্য সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী কংগ্ৰেছ দলৰ। প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা বিধায়ক শ্বেৰমান আলী আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ।
নিজৰ মন্তব্য সন্দৰ্ভত তিনিদিনৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা উত্তৰ দিবলৈ কোৱা হৈছে বিধায়ক গৰাকীক। কি কাৰনে এই বক্তব্য ৰাখিলে ইয়াৰ উত্তৰ কংগ্ৰেছ দলক দিব লাগিব বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে।
শ্বেৰমান আলী আহমেদৰ মন্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই স্পষ্টভাৱে কয় যে শ্বেৰমান আলী আহমেদৰ বক্তব্য দলে সম্পূৰ্ণ ৰূপে খাৰিজ কৰিছে। কংগ্ৰেছ দলে তেওঁৰ বক্তব্যক কেতিয়াও সমৰ্থন নকৰে। ভূপেন বৰাই লগতে কয় যে দলৰ ২৫৪ ব্যক্তিয়ে শ্বেৰমান আলী আহমেদ হিমন্ত বিশ্ব শৰ্মাৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে।
হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই শ্বেৰমান আলী আহমেদে এই কাম কৰি থকাৰ কথা কৈছে বুলি জনাইছে বুলিও কয় সভাপতি ভূপেন বৰাই। ইফালে শ্বেৰমান আলী আহেমদৰ আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে ভাৰতীয় জনতা যুৱ মর্চাৰ পাথৰিঘাট মণ্ডলে ছিপাঝাৰ পাথৰিঘাট আৰক্ষী চকীত, ছিপাঝাৰ মণ্ডল যুৱ মর্চাই ছিপাঝাৰ থানাত, গো-ৰক্ষা সমিতিয়ে মঙলদৈ থানাত এজাহাৰ দাখিল কৰিছে৷
লগতে পঢ়ক : কলগাছিয়াৰ চানমামা গাঁৱত মহিলাক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা
একেদৰে সনাতন হিন্দু আর্মীৰ ৰাজ্যিক সমিতিয়ে মঙলদৈ সদৰ থানাত গোচৰ ৰুজু কৰিছে শ্বেৰমান আলী আহেমদৰ বিৰুদ্ধে। বাঘবৰৰ কংগ্ৰেছী বিধায়কগৰাকীৰ অপমানজনক ভাষ্যৰ বাবেই এনেদৰে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনসমূহ৷