গুৱাহাটী – অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ‘কংগ্ৰেছৰ ৫ গেৰাণ্টি’ সম্পৰ্কীয় মূল সিদ্ধান্ত সমূহৰ সন্দৰ্ভত দলৰ দ্বিতীয় পৰ্যায়ৰ যাত্ৰাসমূহ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ‘অসম বচাওঁ আহক'” বাছ যাত্ৰাৰ পিছত দলটোৱে আৰম্ভ কৰিব ‘কংগ্ৰেছৰ ৫ গেৰাণ্টি’ যাত্ৰা, যি যাত্ৰাই ভোটগ্ৰহণৰ প্ৰথম পৰ্যায়ৰ পৰা আৰম্ভ কৰি তৃতীয় পৰ্যায়লৈকে অসমৰ ৩৩ খন জিলাৰ আটাইবোৰেই সামৰি ল’ব।
কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলে কংগ্ৰেছৰ ৫ গেৰাণ্টি’ যাত্ৰা,ৰ গুৰি ধৰিব আৰু এই যাত্ৰাৰ সময়ছোৱাত ৰাজ্যখনৰ আটাইবোৰ বিধানসভা সমষ্টিত আয়োজন কৰা অভিনৱ অনুষ্ঠানেৰে এই নেতাসকলে তৃণমূল পৰ্যায়ৰ লগত অহৰ্নিশে মত বিনিময় কৰি থাকিব। অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ১১ মাৰ্চত দুপৰীয়া ১২ বজাত, ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰু জাগীৰোড চহৰৰ সমীপত পশ্চিম নগাঁৱৰ পৰা ‘কংগ্ৰেছৰ ৫ গেৰাণ্টি’ যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভণি কৰিব।
জিতেন্দ্ৰ সিঙক সান্নিধ্য প্ৰদান কৰিব লোকসভাৰ কংগ্ৰেছ সাংসদ তথা কংগ্ৰেছ নিৰ্বাচনী প্ৰচাৰ অভিযান কমিটীৰ মুৰব্বী প্ৰদ্যুৎ বৰদলৈয়ে। লোকসভাৰ কংগ্ৰেছ সাংসদ আৰু কংগ্ৰেছ নিৰ্বাচনী ইস্তাহাৰ কমিটীৰ অধ্যক্ষ গৌৰৱ গগৈয়ে তেওঁৰ যাত্ৰা আৰম্ভ কৰিব শোণিতপুৰ জিলাৰ তেজপুৰত থকা হালেশ্বৰ মন্দিৰৰ পৰা দিনৰ ২ বাজি ১৫ মিনিটত।
নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা প্ৰসাৰ কমিটিৰ অধ্যক্ষা সুস্মিতা দেৱে তেখেতৰ যাত্ৰা আৰম্ভ কৰিব ১৩ মাৰ্চৰ পুৱা ১০ বজাত কাছাৰ জিলাৰ শিলচৰত অৱস্থিত গান্ধী পাৰ্কৰপৰা। ‘আহি আছে কংগ্ৰেছ গেৰাণ্টিৰ সৈতে’ এই শ্ল’গানৰ অধীনত ‘কংগ্ৰেছৰ ৫ গেৰাণ্টি যাত্ৰা’ৰ পৰিকল্পনা কৰা হ’ব শক্তিশালী কাৰ্যসূচীৰে, যাৰ জৰিয়তে পৰিবৰ্ধন কৰা হ’ব ‘কংগ্ৰেছৰ ৫ গেৰাণ্টিঃ কিয় আৰু কেনেকৈ? আহক কথা পাতো!’ শীৰ্ষক এই নতুন শ্ল’গানটোৰ।