বিহালী – ৰাজ্যত বলি আছে নিৰ্বাচনী ধুমুহা। নিৰ্বাচনী এই ধুমুহাই কোন দলৰ নেতা-কর্মীক কেতিয়া কোন দললৈ উৰুৱাই নিয়ে ইয়াৰ নিশ্চয়তা নাই। অসম বিধনাসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামিন দিন বাকী, ইয়াৰ মাজতে অধিক বেগেৰে বলিছে নিৰ্বাচনী ধুমুহা আৰু এফালৰ পৰা আনফালে উৰি গৈছে ৰাজনৈতিক দলৰ নেতা-কর্মী।

নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ। ইতিমধ্যে ৰাজনৈতিক দল সমূহে ঘোষণা কৰিছে নিজৰ নিজৰ প্ৰাৰ্থীৰ তালিকা। তালিকা ঘোষণাৰ পিছতে ৰাজনৈতিক দল সমূহৰ মাজত দেখা দিছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। এফালে টিকটৰ আশাত থকা নেতা সকলে যদি প্ৰাৰ্থীত্ব লাভ নকৰিলে নিজ দল এৰি অন্য এটা দললৈ যাত্ৰা কৰিছে আনফালে ৰাজনৈতিক দল সমূহৰ তৃণমূলৰ কৰ্মী সকলো গ্ৰহণ কৰিছে একে পদক্ষেপ।

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত মিত্রজোঁটৰ প্ৰাৰ্থী চি পি আই (এম এল)ৰ নেতা বিবেক দাসক প্ৰাৰ্থীত্ব দিয়াত কংগ্রেছৰ মাজত দেখা দিছে বিক্ষোভ। এই বিক্ষোভে দেওবাৰে চূড়ান্ত ৰূপ ধচৰণ কৰিলে আৰু বিহালীৰ বতীয়ামাৰী গাঁও পঞ্চায়তৰ ৰাংছালী গাঁৱৰ ১নং আৰু ২নং বার্ডৰ দুই শতাধিক সক্ৰিয় কংগ্রেছ কর্মীয়ে দল ত্যাগ কৰি মন্ত্রী তথা বিধায়ক ৰঞ্জিত দত্তৰ উপস্থিতিত্ব বিজেপিত যোগদান কৰিলে।

সমাগত বিধানসভা নিৰ্বাচনত বহু কংগ্রেছৰ দলীয় কর্মীয়ে বিজেপিক সহায় কৰিব বুলিও জানিব পৰা গৈছে। এই যোগদান অনুষ্ঠানত মন্ত্রী ৰঞ্জিত দত্ত, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপীকা দেবী ঢাকাল, বতীয়ামাৰী গাঁও পঞ্চায়তৰ সভানেত্রী ফুলমনি দাস, বিশ্বনাথ জিলা অনুসুচীত জাতি মর্চাৰ সাধাৰণ সম্পাদক অৰুপ দাস , বিহালী মণ্ডল বিজেপিৰ সভাপতি লাচিত বৰাসহ বিজেপি দল বহু নেতা-কর্মী উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply