কংগ্ৰেছৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২৬ জনীয়া তালিকা প্ৰকাশ

গুৱাহাটী– “কংগ্রেছৰ ৫ গেৰাণ্টি” শীৰ্ষক অভিযানৰ অংশস্বৰূপে অসমৰ নিবনুৱা যুৱক যুৱতী সকলৰ বাবে চাকৰিৰ গেৰাণ্টি দিছে কংগ্ৰেছে।

মাত্ৰ কেইদিনমানৰ ভিতৰতে এই অভিযানত www.Congressor5Guarantee.in ৱেবচাইটত এতিয়ালৈ ৭০০০০ তকৈ অধিক পঞ্জীয়নভুক্ত হৈছে।

কংগ্রেছে বছৰি এক লাখকৈ পাঁচ বছৰত সৰ্বমুঠ পাঁচ লাখ চৰকাৰী চাকৰি দিয়াৰ গেৰাণ্টি দিছে। অসমৰ ৰাইজে কংগ্রেছ দলৰ লক্ষ্য আৰু উদ্দেশ্যক আন্তৰিকতাৰে সমৰ্থন জনাই নিবনুৱা সকলৰ বাবে চৰকাৰী চাকৰিৰ গেৰাণ্টি অভিযানত পঞ্জীয়ন কৰিছে। 

ইতিমধ্যে জ্যেষ্ঠ কংগ্রেছ নেতাই সামাজিক মাধ্যমত “কংগ্ৰেছৰ ৫ গেৰান্টি” অভিযানৰ ব্যাপক প্ৰচাৰ চলাইছে।

প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই এইসন্দৰ্ভত কয়, “অসম এতিয়া উন্নয়নশীল ভৱিষ্যতৰ  দিশত। ৰাজ্যখনৰ যুৱক যুৱতী সকলে কংগ্রেছৰ চাকৰি গেৰাণ্টি অভিযানক আন্তৰিকতাৰে সমৰ্থন জনাইছে।

এতিয়ালৈ ৭০০০০ ৰো অধিক যুৱক যুৱতীয়ে চাকৰি গেৰাণ্টি অভিযানত পঞ্জীয়ন ভুক্ত হৈ তেওঁলোকৰ কংগ্রেছ দলৰ প্ৰতি বিশ্বাস আৰু আস্থা প্ৰদৰ্শন কৰিছে।” 

কংগ্রেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে এতিয়ালৈ ৭০০০০ ৰো অধিক লোকে চাকৰি গেৰাণ্টি অভিযানত পঞ্জীয়ন কৰি কংগ্রেছ দলৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিছে। অসমৰ যুৱক সকলে এতিয়া কংগ্রেছ দলৰ চৰকাৰ অহাটো অপেক্ষা কৰি আছে যাতে তেওঁলোকৰ আশা আকাংক্ষাবোৰ পূৰণ হয়।

কংগ্রেছৰ প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইনে কয়, ” কংগ্রেছৰ চাকৰি গেৰাণ্টি অভিযানত ৭০০০০ ৰো অধিক পঞ্জীয়নৰ যোগেদি নিবনুৱা যুৱক-যুৱতী সকলে চৰকাৰী সংস্থাপন দিয়াৰ বাবে কংগ্রেছ দলে লোৱা পদক্ষেপৰ প্ৰতি সন্মান জনাইছে। আগবাঢ়ি আহক আৰু সমৃদ্ধিশালী অসম নিশ্চিত কৰক।”

কংগ্রেছৰ মিডিয়া সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ তথা সাংসদ আব্দুল খালেকে কয়, “কংগ্রেছৰ চাকৰি গেৰাণ্টি” অভিযানত ৭০০০০ ৰো অধিক পঞ্জীয়নে কংগ্রেছে অসমবাসীৰ আশা-আকাংক্ষা পূৰ কৰাৰ বাবে কংগ্রেছৰ প্ৰতিশ্ৰুতি সমূহৰ ওপৰত বিশ্বাস প্ৰদৰ্শন কৰিছে।”

সামাজিক মাধ্যমত Assam Bachao অফিচিয়েল হেণ্ডেলৰ জৰিয়তেও কংগ্রেছৰ চাকৰি গেৰাণ্টি অভিযানৰ প্ৰতি সমৰ্থন কৰিছে।

৭০০০০ ৰো অধিক পঞ্জীয়নে কংগ্রেছ দলৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি অসমবাসীৰ বিশ্বাস আৰু আস্থাক প্ৰতীয়মান কৰিছে। কংগ্রেছৰ চাকৰি গেৰাণ্টিয়ে অসমৰ যুৱক সকললৈ নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

দ্ৰুতগতিত পঞ্জীয়ন বৃদ্ধিয়ে নিশ্চিত কৰিছে যে কংগ্রেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ’ব আৰু চৰকাৰ গঠন হোৱাৰ লগে লগে অসমৰ নিবনুৱা যুৱক-যুৱতী সকলৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply