নিউজ ডেস্কঃ বুধবাৰে নিশা ৯ বজাত গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত মুখ্যমন্ত্রী কনৰাড চাংমা ই সাক্ষাৎ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। জানিব পৰা অনুসৰি, প্ৰায় ৩০ মিনিট ধৰি চলা এই বৈঠক আছিল সম্পূৰ্ণ গোপনীয়।

ৰাজনৈতিক সমালোচকৰ মতে বিজেপিৰ সৈতে এন পি পিয়ে মিত্ৰতা ৰাখিলে মেঘালয়ৰ নিৰ্বাচনত কনৰাড চাংমাই খ্ৰীষ্টান ভোটাৰৰ সমর্থন হেৰুৱাব আৰু বিজেপিয়ে হেৰুৱাব হিন্দুৰ ভোট। যাৰ বাবে দুয়োটা দলে পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আহবঢ়াইছিল।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি সর্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আদি সকলো বিজেপিৰ নেতাক তীব্ৰ সমালোচনা কৰিছিল কনৰাড চাংমাই। কিন্তু নিৰ্বাচনী ফলাফল ঘোষণাৰ আগদিনা গোপন বৈঠকে কি ইংগিত প্ৰদান কৰিছে আৰু দুয়োটা দলৰ গোপনীয় মিত্ৰতাৰ ফলাফল কেনে হ’ব সেয়া ভৱিষ্যতেহে গম পোৱা যাব।  

উল্লেখযোগ্য যে, ২১.৬ লাখ ভোটাৰ থকা মেঘালয়ৰ বিধানসভা নিৰ্বাচনত এইবাৰ ৰেকৰ্ডসংখ্যক ৮৫.২৫ শতাংশ ভোটদান সাব্যস্ত কৰা হৈছিল জনগণৰ দ্বাৰা। কিন্তু এতিয়া ভোটাৰ চকুত ধূলি দি এইয়া এক কথাত বৰ্তমান নাটকৰ আৱসান ঘটিল বুলিও ক’ব পাৰি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply