ধুবুৰীঃ ধুবুৰী জিলাৰ শালকোচাত পিতৃ আৰু কন্যাক প্ৰহাৰ কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত হ’ল এজন অসম আৰক্ষীৰ হেড কনিষ্টবল।
কনিষ্টবল শিবেন সেনগুপ্তাই শালকোচা বজাৰত তালাচী অভিযান চলাই থকা সময়তে পিতৃ-কন্যাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ইয়াকুব আলী আৰু তেওঁৰ জীয়ৰী স্মৃতা খাতুন। দুয়োকে চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এই ঘটনাৰ পিছতে, ধুবুৰীৰ আৰক্ষী অধীক্ষকে কনিষ্টবল শিবেন সেনগুপ্তালৈ তাৎক্ষণিক ভাৱে নিলম্বনৰ আদেশ প্ৰেৰণ কৰে।