নিউজ ডেস্কঃ বৰাক উপত্যকাৰ বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজৰে  ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণে  টুপীমূৰীয়া বান্দৰৰ  বসতিস্থলৰ  প্ৰতি ভাবুকি সৃষ্টি কৰিব। বৰাইল  অভয়াৰণ্যত বান্দৰৰ সাতটা প্ৰজাতি পোৱা যায়।  ইয়াৰে পাঁচটা প্ৰজাতি বিশ্বব্যাপী হ্ৰাস পাব ধৰিছে।  ইয়াৰে ভিতৰত এটা প্ৰজাতি হৈছে এক বিলুপ্তপ্ৰায় টুপীমূৰীয়া বান্দৰ।

বৰাইল অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৩২৬.২৪ বৰ্গকিলোমিটাৰ। বিবিধ প্ৰাণী আৰু উদ্ভিদৰ বাবে  এই অভয়াৰণ্যখনে দীৰ্ঘদিন ধৰি প্ৰকৃতিবিদসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। 

২০০৪ চনত বৰাইল সংৰক্ষিত বনাঞ্চল আৰু উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চলক  বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।

অসম বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ টুপীমূৰীয়া বান্দৰৰ  সন্দৰ্ভত  জনসাধাৰণৰ ওপৰত এক সমীক্ষা চলাইছিল।  সমীক্ষাটোত কোৱা হৈছে যে যিকোনো বহনক্ষমতা ৰক্ষাৰ ক্ষেত্ৰত বন্যপ্ৰাণী আৰু মানুহ উভয়ৰে পাৰস্পৰিক লাভালাভ  থাকিব লাগিব। অভয়াৰণ্যখনৰ ভিতৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি আছে আৰু এই পথটো অভয়াৰণ্যখনৰ মাজেৰে পাৰ হৈ গৈছে। এই দিশটো আন্তৰিকতাৰে মনোযোগ দিয়াৰ যোগ্য।   অভয়াৰণ্যখনৰ  ভূগৰ্ভত সুৰংগ নিৰ্মাণ কৰিব পৰা যায়  য’ত জীৱ-জন্তুৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈ বাহনসমূহে চলাচল কৰিব পাৰে। 

অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক পাৰ্থংকৰ চৌধুৰীয়ে ইষ্টম’জ’ক জনাই যে, ‘ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথে জীৱ-জন্তুৰ মুক্ত চলাচলত বাধাৰ সৃষ্টি কৰিব। তদুপৰি জীৱ-জন্তুবোৰ সঘনাই দুৰ্ঘটনাত পতিত হ’ব পাৰে।  জীৱ-জন্তুৰ বসতিপূৰ্ণ এলেকাৰ পৃথিৱীৰ বহু ঠাইত  পথটোৰ সমগ্ৰ দৈৰ্ঘ্যত বক্স টাইপৰ ষ্টীলৰ ফ্ৰেম নিৰ্মাণ কৰা হয়, য’ত বন্যপ্ৰাণীৰ চলাচলত কোনো বাধা নোহোৱাকৈ যাতায়ত কৰিব পাৰে। ইয়াতো এনে পদক্ষেপ ল’ব পাৰি।

অসম বিশ্ববিদ্যালয় চলোৱা সমীক্ষাৰ তথ্যত পোৱা গৈছে যে অধিকাংশই টুপীমূৰীয়া বান্দৰৰ  সংৰক্ষণৰ পক্ষপাতী আছিল। অভয়াৰণ্যখনত  এই প্ৰজাতিটোৰ বান্দৰৰ সংখ্যা হ্ৰাস পাইছে। বহুতে মতামত দিছিল যে এই বান্দৰবোৰ এতিয়া সঘনাই দেখা পোৱা নাযায়। বহুলোকে অভয়াৰণ্যখনৰ গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰিছে  সেইবাবেও হয়তো খাদ্যৰ সন্ধানত  অন্য অৰণ্যলৈ স্থানান্তৰ হৈছে।

আনহাতে মানুহৰ  বৰ্ধিত জনসংখ্যাও অভয়াৰণ্যখনৰ  বন্যপ্ৰাণীৰ বাবে আন এক ডাঙৰ ভাবুকি। কাৰণ  জনসংখ্য বৃদ্ধিৰ  ফলত খাদ্য, পানী আৰু ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পায়। ইয়াৰ ফলত অভয়াৰণ্যখনৰ ভিতৰত বন্যপ্ৰাণীৰ বাসস্থান হ্ৰাস পাইছে বুলি অধ্যাপক পাৰ্থংকৰ চৌধুৰীয়ে উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply