নিউজ ডেস্কঃ অয্যোধাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। ৰাম মন্দিৰ নিৰ্মাণত মুঠ ব্যয় হ’ব ১,৮০০কোটি টকা।

দেওবাৰে ৰাম মন্দিৰৰ ট্ৰাষ্ট পৰিষদৰ এখন সভা অনুষ্ঠিত হয়। বৈঠকৰ পিছত, ট্ৰাষ্টে ৰাম জন্মভূমিৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। ৰাম মন্দিৰৰ ট্ৰাষ্টে আগন্তুক দিনত মন্দিৰত কি খৰচ হ’ব তাৰ এক খতিয়ানো দাঙি ধৰিছে।

ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে কয়, “যেতিয়া মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল, তেতিয়া অনুমান কৰা হৈছিল যে নিৰ্মাণ কাৰ্যত ব্যয় ৪০০ কোটি হ’ব পাৰে, কিন্তু এতিয়া মন্দিৰ নিৰ্মাণত ব্যয় হ’ব ১৮০০কোটি টকা।”

চম্পত ৰায়ে লগতে কয়, “কেইবাটাও বিবেচনাৰ পিছত, আমি ব্যয়ৰ এক সম্ভাৱ্য পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছো। অৱশ্যে, অনাগত দিনবোৰত এই ব্যয় বৃদ্ধি হ’ব পাৰে। ”

ৰাম মন্দিৰৰ নিৰ্মাণ চলিত বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ এমাহৰ ভিতৰত, অৰ্থাৎ অহা বছৰ, জানুৱাৰী ২০২৪ত মকৰ সংক্ৰান্তিৰ দিনা, ৰামৰ প্ৰতিমূৰ্তি গৰ্ভগৃহত স্থাপন কৰা হ’ব। ৰাম জন্মভূমি ন্যাসৰ মতে, বগা মাৰ্বলেৰে গৰ্ভগৃহত ৰামৰ মূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰিও ৰামায়ণত নাম থকা বহুতো দেৱতাৰ মূৰ্তিও ৰাম মন্দিৰত ৰখা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply