মৰাণঃ মৰাণ পৌৰসভাৰ ৫ নম্বৰ ৱাৰ্ডত বিগত চাৰি বছৰে অসম্পূৰ্ণ হৈ আছে বহুমূখী ভৱনৰ নিৰ্মাণৰ কাম ৷ মৰাণ ৰাজ্যিক পশু চিকিৎসালয়ৰ চৌহদত ২০১৮ বৰ্ষৰ ১৮ মাৰ্চত সেই সময়ৰ মাহমৰা সমষ্টিৰ বিধায়ক, বৰ্তমানৰ কেবিনেট মন্ত্ৰী যোগেন মহনে আধাৰশিলা স্থাপন কৰিছিল বহুমূখী ভৱনটোৰ ৷

প্ৰায় ৬ কোটি টকা কেন্দ্ৰীয় পুঁজিৰে নিৰ্মাণ আৰম্ভ কৰা সেই সময়ৰ মৰাণ নগৰ সমিতিৰ বহুমূখী ভৱনটিৰ ৫০ শতাংশও সম্পূৰ্ণ নহ’ল বিগত প্ৰায় চাৰি বছৰে ৷ ভৱনৰ কাম আধৰুৱাকৈ এৰি ৰহস্যজনকভাৱে অন্তৰ্ধান হ’ল নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠান ৷

লগতে পঢ়কঃলখিমপুৰত মাইক্ৰ’ফাইনেঞ্চ ঋণ ৰেহাইৰ চেক বিতৰণ

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ নিজা পৌৰসভাতে উন্নয়ণৰ এনে আধৰুৱা ছবিয়ে স্তম্ভিত কৰিছে মৰাণৰ সৰ্বসাধাৰণ নাগৰিকক ৷ কি ৰহস্যজনক কাৰণত বহুমূখী ভৱনৰ কাম সম্পূৰ্ণ নহ’ল সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ৷ ঠিকাদাৰী প্ৰতিষ্ঠানৰ সৈতে মন্ত্ৰীৰ কমিচনৰ অংক থকাৰ বাবেই মৰাণ পৌৰসভাত উন্নয়ণ স্থবিৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply