জামুগুৰিহাটঃ ১০ বছৰেও সম্পূৰ্ণ নহ’ল জামুগুৰিহাটৰ নিকটৱৰ্ত্তী চিজুচাত স্থাপন কৰা জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য ।

বৰডিকৰাই জলসিঞ্চন প্ৰকল্পৰ মূল নলাৰ বোৱতী পানীত পাঁচ মেগাৱাট বিদুৎ উৎপাদনৰ লক্ষ্য লৈ ২০১০ চনতেই নিৰ্মাণ কাৰ্য হাতত লোৱা বিদুৎ উৎপাদনৰ প্ৰকল্পটো আজিও সম্পূৰ্ণ হৈ নুঠিল ।

নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ দিন ধৰি দুটা বছৰ ক্ষীপ্ৰতাৰে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলিল যদিও তাৰ পৰবৰ্তী সময়ছোৱাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে প্ৰকল্পটোৰ।

লগতে পঢ়কঃচাৰিদুৱাৰত চি আৰ পি এফৰ মেগা বৃক্ষৰোপণ কাৰ্যসূচী

ইতিমধ্যে ৬০ শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা এই প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠা হলে বৃহত্তৰ জামুগুৰিহাটৰ সকলো ৰাইজৰ বাবে বিদুৎতে জোৰা মাৰিব পাৰিলেহেতেন যদিও কোনো অজ্ঞাত কাৰণত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠাত স্থানীয় ৰাইজে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ।

বৰ্তমান অৰ্ধ নিৰ্মিত হৈ হাবি জংঘলৰে ভৰি পৰা এই বিদুৎ উৎপাদন প্ৰকল্পটো সেয়েহে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰি তুলিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply