জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ নদুৱাৰ উন্নয়ন খণ্ড এলেকাৰ অন্তৰ্গত উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ অধীনৰ ২ নং বাটমাৰী গাওঁক আদৰ্শ গাওঁ হিচাপে গঢ়ি তোলাত মনোনিবেশ কৰিছে পঞ্চায়তটোৰ কৰ্মকৰ্তা সকলে ৷

পঞ্চায়তটোৰ অন্তৰ্গত তিনিটাকৈ গুৰুত্বপূৰ্ণ গ্ৰামাঞ্চলৰ পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি মূঢ়াদল জিলাপৰিষদৰ সদস্য কিশোৰ দাহালে কয়, ‘চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আদৰ্শ গাওঁ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ২ নং বাটমাৰী গাওঁখনক নিৰ্বাচিত কৰাত আমি নথৈ আনন্দিত হৈছো ৷ ইতিমধ্যে আদৰ্শ গাওঁখনৰ উন্নয়নৰ বাৱে ৫০ লাখ টকাৰো আৱণ্টন দিয়া হৈছে ৷’

লগতে পঢ়কঃগোৰেশ্বৰত যৌতুকৰ দাবীত বোৱাৰী নিৰ্যাতন

আনহাতে, উত্তৰ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দীপক নেৱাৰে কয় ,’বাটমাৰী গাওঁক আদৰ্শ গাওঁ হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গাওঁখনৰ লগতে অঞ্চলটোৰ সকলো শ্ৰেণী ৰাইজৰ সহযোগিতা লাগিব ৷ গাওঁখন সুন্দৰ ৰূপত সজায়-পৰাই তোলাৰ ক্ষেত্ৰত প্ৰতিগৰাকী ব্যক্তিয়ে অৰিহণা যোগাব লাগিব ৷ ‘

এইক্ষেত্ৰত পঞ্চায়তৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা কৰি যোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াই সভাপতি দীপক নেৱাৰে ৷

শুকুৰবাৰে নদুৱাৰ উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে ২নং বাটমাৰী গাওঁখন পৰিদৰ্শন কৰাৰ লগতে গাওঁখনৰ ৰাইজৰে আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে সভাপতি দীপক নেৱাৰে ৷ উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ খণ্ড উন্নয়নৰ কনিষ্ঠ অভিযন্তা অভিজিৎ ভট্টাচাৰ্য্য, ৱাৰ্ড সদস্য-সদস্যা সকলৰ লগতে স্থানীয় ৰাইজ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply