গুৱাহাটী : দেশৰ লগতে অসমতো পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ। অসমৰ অন্যান্য প্ৰান্তৰ লগতে মহামাৰী গুৱাহাটীত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে। আক্রান্ত সংখ্যা বৃদ্ধি পোৱাত পুনৰ গুৱাহাটীত কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।
গুৱাহাটীত ক’ভিড সংক্ৰমণৰ হাৰৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ এটা অঞ্চল কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে। মহানগৰী গুৱাহাটীৰ ৰূপনগৰৰ এটা অঞ্চলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।
জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। ৰূপনগৰত থকা স্বতন্ত্ৰ সেনানি ভৱনত থকা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ কাৰ্যালয়ত কৰ্মৰত ১১ জন বিষয়া কৰ্মচাৰী ক’ভিডত আক্রান্ত হৈছে।
লগতে পঢ়ক : পশ্চিম কাৰ্বি আংলংত ২৪ টাকৈ দল-সংগঠননৰ সজাগতা সভা
ৰূপনগৰ অঞ্চলক জিলা প্ৰশাসনে ৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা এই অঞ্চলটোত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব।