অসমীয়া ভাষাক বৰাকত চূড়ান্ত অপমানৰ পিছত বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াই শান্তিৰ বাবে বৰাকক অসমৰ পৰা পৃথক কৰাৰ বাবে মত পোষণ কৰা বিষয়টোক লৈ ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সাহিত্যিক গৰাকীয়ে নিজৰ বক্তব্যত কৈছিল ককাই ভাইৰ মাজত সংঘাত লাগিলে মাটি বাৰী ভাগ কৰি লয়, বৰ্তমান সময়ত অসমৰ মানুহে এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন আহি পৰিছে ।

বিশিষ্ট সাহিত্যিক নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ, ‘নগেন শইকীয়া মোতকৈ বহু ডাঙৰ তথা তেওঁ ৰাজ্যৰ এগৰাকী নমস্য বুদ্ধিজীৱি, সেয়া ব্যক্তিগত মন্তব্য তাত মোৰ ক’বলগীয়া একো নাই’।
ভাষাক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত তেওঁ কয়, ‘বৰাক উপত্যকাই হওক বা ব্ৰহ্মপুত্ৰ উপত্যকাই হওক আমি কোনেও এনেকুৱা কাম কৰিব নালাগে যাৰ পৰা কাৰোবাৰ মনত আঘাত হয়। মানুহৰ মনত কষ্ট দিলে, আঘাত দিলে দূৰত্ব বাঢ়ি যায়’।
‘বৰাক উপত্যকাত যদি কিবা কাৰণত দুখন অসমীয়া পোষ্টাৰ গ’ল সেইটোত আমি বেয়া পাব নালাগে। আৰু ব্ৰহ্মপুত্ৰ উপত্যকাতো যদি ভুলক্ৰমে কিতাপ এখন বঙালীত প্ৰিণ্ট হৈ যায় তাক লৈ আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে’, এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, ‘ভাষাই মানুহক একত্ৰিত কৰে। ভাষাই যদি মানুহক দূৰত ঠেলি দিয়ে তেতিয়াহ’লে ভাষাৰ মূল্যটো ক’ত থাকিব। ভাষাই সমন্বয় সাধন কৰে, ভাষাই সম্প্ৰীতিৰ সৃষ্টি কৰে’।
বৰাকত অসমীয়া প’ষ্টাৰত ক’লা ৰং সানি দিয়াৰ দৰে ঘটনা বিজেপি দলক হেয় প্ৰতিপন্ন কৰিবলৈ কোনোবাই চক্ৰান্ত ৰচা বুলি অভিযোগ তোলে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে পঢ়ক-শিলচৰ ৰেলৱে ষ্টেচনত সলনি হ’ল বেনাৰ অসমীয়াৰ সলনি লাগিল বাংলাভাষাৰ বেনাৰ

নগেন শইকীয়াৰ মন্তব্য সন্দৰ্ভত পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া
‘নগেন ককাইদেউৰ মন্তব্য দুৰ্ভাগ্যজনক, হতাশাজনক’ ‘মাতৃৰ মূৰৰ বিষত মূৰটো কাটি পেলাব নেকি?’
‘তেখেতৰ মন্তব্য দুখজনক, আমি ধিক্কাৰ দিছো’ ‘তেখেতে কথাটো উঠাই লওক, অসমবাসীৰ ওচৰত ক্ষমা খোজক’।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply