নিউজ ডেস্ক: উজনি অসমৰ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহ অহা ৩ মে’ত অনুষ্ঠিত কৰা হ’ব।

বৰ্তমান লৈকে জানিব পৰা অনুসৰি, এই দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়া উপস্থিত থাকিব। আনহাতে, এই সমাৰোহত সভাপতিত্ব কৰিব অসমৰ ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাব চান্দ কাটাৰিয়াই।

এইবাৰ দীক্ষান্ত সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সাহিত্য জগতত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে সাহিত্যিক নিৰুপমা বৰগোহাঞিক সন্মানীয় ডি লীট আৰু বতৰ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰলৈ আগবঢ়োৱাৰ অৱদানৰ বাবে বিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামীক ডি এছ চি সন্মানেৰে সন্মানিত কৰা হ’ব।

জানিব পৰা অনুসৰি ২১ সংখ্যক দীক্ষান্ত সমাৰোহত মুঠ ১,৬৮৪ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। তাৰে ৭৫ জনক পি এইচ ডি আৰু ৭২ জনক এম ফিল ডিগ্ৰী প্ৰদান কৰা হ’ব।

লগতে পঢ়ক – ‘IIT-মাদ্ৰাজ’ত ‘বন্দৰ, জলপথ তথা উপকূলসমূহৰ বাবে ৰাষ্ট্ৰীয় প্ৰযুক্তি কেন্দ্ৰ’ উদ্বোধন কৰা কাৰ্যক প্ৰধানমন্ত্ৰীৰ আদৰণি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply