সাংসদ ৰমেন ডেকা
সাংসদ ৰমেন ডেকা

গুৱাহাটীঃ ৰাজ্যত তীব্ৰগতিত বৃদ্ধি পাইছে কৰোনা ভাইৰাছ।

বুধবাৰৰ দিনটোত ৰাজ্যত কভিডত নতুনকৈ ৩,০৪৫ জন লোক আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰে ২২ জনকৈ লোক।

আনহাতে দেশত বুধবাৰে কভিড আক্রান্ত লোকৰ সংখ্যাৰ লগতে মৃতকৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰে।

বুধবাৰে সমগ্ৰ দেশত ৩ লাখ ৭৯ হাজাৰ ২৫৭ জন লোক কভিডত আক্রান্ত হয়। দেশত বুধবাৰে মৃত্যুৰ মুখত পৰে ৩,৬৪৫ জন কভিড ৰোগী।

তেনে সময়তে প্ৰাক্তন লোকসভাৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকা ক’ভিড পজিটিভ হোৱাৰ খবৰ আহিছে।

ৰমেন ডেকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

তেওঁৰ পত্নীও আক্ৰান্ত হৈছে কোভিড-১৯ত।

বৰ্তমান তেখেতৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসকে জানিব দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply