নিউজ ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত।
শেহতীয়াকৈ অসমৰ তিনিখন কাৰাগাৰৰ কেইবাজনো কয়দী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।
ডিফু, যোৰহাট আৰু অভয়াপুৰী কাৰাগাৰত হৈছে কৰোনা সংক্ৰমণ।
লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী সকলৰো কৰোনা টেষ্ট কৰা হৈছে।
বৰ্তমানলৈ কভিডমুক্ত লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী সকল।
অসমত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা।
শুকুৰবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ২৩৮৪গৰাকী।
৭২,৪০৫গৰাকী লোকক আজিৰ দিনটোত কৰা হৈছিল কোভিড টেষ্ট।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কেইবাজনো চিকিৎসক আক্ৰান্ত কৰ’না ভাইৰাছত৷ শৈল্য বিভাগৰ মূৰব্বী অধ্যাপক আক্ৰান্ত হৈছে কৰ’নাত৷ অধ্যাপকজন হৈছে ডাঃ পুৰজিৎ চৌধুৰী৷
যোৱা ২৪ ঘণ্টাত আক্রান্ত হোৱা ২৩৮৪ গৰাকী লোকৰ ভিতৰত সর্বসাধিক আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত।
কামৰূপ মহানগৰ জিলাত ৮৮৩ জন লোকৰ দেহত ধৰা পৰিছে কৰোনা । আক্রান্তৰ দিশত কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলাত ১৪৩ জন লোক কভিডত আক্রান্ত হৈছে ২৪ ঘণ্টাত।
আনহাতে শুকুৰবাৰৰ লৈকে ৰাজ্যত কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে ১২ জনকৈ লোক।