নিউজ ডেস্কঃ নিৰ্বাচন অন্ত পৰিছে লগতে ৰাজ্যত তীব্ৰগতিত সংক্ৰমণ ঘটিছে কৰোণা ভাইৰাছৰ।

অসমত নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে  ৯২জন।

অসমত কৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৮৩২জনলৈ বৃদ্ধি পাইছে।

মহাৰাষ্ট্ৰ, ছত্তিশগড়, কৰ্ণাটক,দিল্লী, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ পাছত অসমতো কৰোণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

মঙলবাৰৰ দিনটোতে যোৰহাটত দ্ৰুতগতিত সংক্ৰমণ ঘটিছে কৰোণা ভাইৰাছৰ।

যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ ১১গৰাকী ছাত্ৰী কৰোণাত আক্ৰান্ত হৈছে।

ছাত্ৰীকেইগৰাকীৰ কেইগৰাকীৰ দেহত কৰোণা ভাইৰাছৰ কোনো লক্ষণে দেখা দিয়া নাছিল।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এটা দলে কৰা ৰেপিড এন্টিজেন টেষ্টত ছাত্ৰীকেইগৰাকীৰ দেহত কৰোণাৰ উপস্থিতি ধৰা পৰা পিছতেই তেওঁলোকক হোম আইচলেচন কৰা হৈছে।

কৰোণাৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট প্ৰশাসনে জিলাখনত মঙলবাৰৰ পৰা জাৰি কৰিছে ১৪৪ধাৰা।

ইফালে ডিব্ৰুগড়ত নতুনকৈ কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে ১৯গৰাকী।

শিৱসাগৰত নতুনকৈ তিনিগৰাকী লোক কভিডত আক্ৰান্ত হৈছে। জিলাখনত বৰ্তমানলৈকে কভিডত আক্ৰান্তৰ সংখ্যা ১১গৰাকী।

জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা বলবৎ কৰিছে আৰু সকলো ব্যক্তিকে মাস্ক পৰিধান বাধ্যতামূলক কৰিছে।

লখিমপুৰতো নতুনকৈ এজনৰ দেহত ধৰা পৰিছে কভিড সংক্ৰমণ। আক্ৰান্ত লোকজন কলিকতাৰ ৰাজীৱ আগৰৱালা।

ঔষধৰ ব্যৱসায়ৰ কামত অহা লোকজন আছিল মেপল লিফ নামৰ হোটেল খনত।

সেই হোটেলখনত থকা দিল্লীৰ এজন লোক যোৱা ৩১ মাৰ্চৰ পৰা অসুস্থ হৈ থকাত লোকজনক কভিড পৰীক্ষাৰ কৰাত তেওঁৰ দেহত কৰোণাৰ উপস্থিতি ধৰা পৰে।

এই ঘটনাৰ পিছতেই জিলা প্ৰশাসনে হোটেলখন ছীল কৰি দিয়ে।

আনহাতে নগাঁৱত নতুনকৈ এটি ৮ বছৰীয়া শিশুসহ ১২জনৰ দেহত কৰোণাৰ উপস্থিতি ধৰা পৰে। কৰোনাত আক্রান্ত লোকসকল হ’ল নগাঁও চহৰৰ হয়বৰগাঁও ষ্টেট বেংকৰ সমীপৰ ৰিকিতা বৈদ (২৪), পৱন বৈদ (৫১), সুনিতা বৈদ (৪৭), হয়বৰগাঁও বজাৰ অঞ্চলৰ মুহিত বাংকা (৩০), মনীষা ভাজংকা (২০), নাকেছ ভাজংকা (৮), তেলীয়াপট্টিৰ পাহি মহন্ত (২১), কচলুখোৱাৰ যুগশ্ণভ বড়ো (২০), বিৰহ বেবেজীয়াৰ বেদপ্রসাদ সিং (৫২), জখলাবন্ধাৰ গৰুবন্ধাৰ ইউছুপ আলী (৩০), নাজৰিন খাতুন (২০), মাধতাৰীৰ উজ্জ্বল মহন্ত (২৯)৷

গোলাঘাটত ক’ভিডত আক্রান্ত হৈছে ১১জন। ইয়াৰে দুজনক যোৰহাট মেডিকেল কলেজৰ ক’ভিড হস্পিতালত আৰু আন ৯গৰাকীক হোম আইছ’লেচনত ৰখা হৈছে।

বুধবাৰৰ দিনটোতে জিলাখনত তিনিজন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাস্ক পৰিধানৰ কোনো প্ৰয়োজন নাই বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে।

হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যটো সমীচীন নহয় বুলি মত প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

ক’ভিড প্রট’কল মানি নচলাৰ বাবেই প্রতিদিনে নতুনকৈ ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰা বুলি স্বাস্থ্য বিভাগে আশংকা কৰিছে ৷

এনে পৰিস্থিতিত স্বাস্থ্য বিভাগে বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত ক’ভিড পৰীক্ষা অব্যাহত ৰাখিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply