নিউজ ডেস্ক- দেশত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ভাৰতৰ বাকীকেইখন ৰাজ্যকে ধৰি সমান্তৰালভাৱে অসমতো বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ।
অসমত আকৌ ৫৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
ইফালে, কৰোণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৪৯৯গৰাকী ৰোগী।
মঙলবাৰে অসমত সুস্থ হয় ২৩জন লোক।
এতিয়ালৈকে অসমত আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫৪১৩জনলৈ বৃদ্ধি পাইছে।
ইফালে দিল্লীতো বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্য খনত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে তৎপৰ হৈছে কেজৰিৱাল চৰকাৰ ।
আৰু পঢ়কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি পুনৰ গৃহমন্ত্ৰী অমিত শ্বাহ
পঞ্জাৱতো কোৰোনাৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পাইছে।
১০ এপ্ৰিললৈ ৰাজ্যখনত বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইন ।
৩১ মাৰ্চলৈ আগতে ঘোষণা কৰা হৈছিল নৈশ সান্ধ্য আইন ।
স্বাস্থ্যবিভাগক টিকাকৰনৰ সংখ্যা বৃদ্ধিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ।
উল্লেখ্য যে,দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্তৰ সংখ্যা ১,২১,৪৯,৩৩৫ গৰাকী।
আনহাতে, কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় সৰ্বমুঠ ১,৬২,৪৬৮ গৰাকী।