নিউজ ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো কৰোনা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
তীব্ৰহাৰত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা।
বিশেষকৈ গুৱাহাটীত ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে কৰোনা ভাইৰাছ।
বিগত ১০ দিনত কামৰূপ (ম) জিলাত সৰ্বাধিক ৩,২৬৭জন কৰোনাত আক্ৰান্ত হৈছে।
কামৰূপ মহানগৰ জিলাত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধিক লৈ উদ্বিগ্ণ হৈ পৰিছে জিলা প্রশাসন৷
এনে পৰিস্থিতিত মহানগৰীৰ জালুকবাৰী আৰু সৰুসজাইত পুনৰ অস্থায়ী ক’ভিড হাস্পতাল গঢ়ি তোলা হৈছে ৷
মহানগৰীৰ সৰুসজাইতো পুনৰ সাজু কৰা হৈছে অস্থায়ী ক’ভিড হাস্পতাল ৷
সৰুসজাইৰ কর্মবীৰ নবীন চন্দ্র বৰদলৈ ষ্টেডিয়ামত ৪৬০খন বিছনাযুক্ত অস্থায়ী ক’ভিড হস্পিতাল নির্মাণ কৰিছে ৷
ৰোগীসকলৰ সুবিধাৰ্থে পুৰুষৰ বাবে ৩৬টা আৰু মহিলাৰ বাবে ২৫টা স্নানাগাৰ নিৰ্মাণ কৰি তোলা হৈছে।
আৰু পঢ়কঃ কাৰাগাৰৰ ভিতৰত কভিডত আক্রান্ত হ’ল ইন্দ্ৰানী মুখাৰ্জী
ইফালে যোৰহাটতো ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ গণসংক্ৰমণৰ ফালে গতি কৰিছে যোৰহাট৷ যোৰহাট জিলা উপায়ুক্তগৰাকীয়ে জানোৱা মতে, যোৰহাট জিলাত বৰ্তমানলৈ কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ২১৮ গৰাকীলৈ বৃদ্ধি পাইছে ৷
যোৰহাট আদালতত এগৰাকী প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ দেহত ক’ভিড১৯ৰ অৱস্থিতি ধৰা পৰাত আদালতত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷
আক্রান্ত ন্যায়িক দণ্ডাধীশ গৰাকীৰ নাম মন ময়ূৰী গগৈ বুলি জানিব পৰা যায় ৷ মঙলবাৰে কৰা আৰএটি টেষ্টত দণ্ডাধীশগৰাকী ক’ভিডত আক্ৰান্ত বুলি ধৰা পৰে ৷
আৰু পঢ়কঃযোৱা ২৪ ঘণ্টাত ভাৰতত কভিডত আক্রান্ত হৈছে ২.৯৫ লাখ লোক
উল্লেখ্য যে, ৰাজ্য চৰকাৰে কৰ’ণা প্ৰতিৰোধৰ বাবে ল’ব লগীয়া সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এনে ক্ষেত্ৰত কঠোৰ হয় যোৰহাট জিলা প্ৰশাসনো ৷
যোৰহাট জিলা উপায়ুক্তই এক সংবাদমেলত সাংবাদিকৰ আগত যোৰহাটবাসী ৰাইজক সাৱধান আৰু সচেতন হৈ থাকিবৰ বাবে আহ্বান জনাই ৷
ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে সকলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কোৱাৰ লগতে মাস্ক কিনিব নোৱাৰা সাধাৰণ দুখীয়া ৰাইজক প্ৰশাসনে নিজেই মাস্ক আগবঢ়াইছে বুলি কয় ৷
আনফালে মঙলবাৰে নগাঁও জিলাত ৭২গৰাকী লোক ক’ভিড–১৯ত নতুনকৈ আক্রান্ত হৈছে৷ জিলাখনৰ বিভিন্ন প্রান্তত ৩,৮৯৬গৰাকী লোকৰ আৰএটি টেষ্ট আৰু ৯৮গৰাকী আৰ টি পি চি আৰ টেষ্ট কৰা হয়৷
ইয়াৰ ভিতৰত ৭২গৰাকী লোক ক’ভিডত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ ইয়াৰে ৬৭গৰাকী আৰএটি টেষ্টত আৰু ৫গৰাকী আৰ টি পি চি আৰ টেষ্টত কভিড–১৯ত আক্রান্ত হোৱাটো নিশ্চিত হৈছে ৷
ইয়াৰে ৯গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত চিকিৎসাধীন কৰা হৈছে৷
আন ৬৩জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পর্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে৷
ইফালে, মৰিগাঁৱত প্রতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড ৰোগীৰ সংখ্যা ৷
দ্বিতীয় পর্যায়ত আৰম্ভ হোৱা ক’ভিড–১৯ত আজিৰ তাৰিখলৈকে জিলাখনত ৮৮গৰাকীলৈ বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা৷
জিলাখনৰ বিভিন্ন প্রান্তত আজি ২৪ ঘণ্টাত নতুনকৈ ১১জনৰ দেহত ধৰা পৰিছে ক’ভিড ৷