নিউজ ডেস্ক- দেশত পুনৰ কৰোণাই চলাইছে সংহাৰ। আকৌ বৃদ্ধি হৈছে কোৰোনাৰ সংক্ৰমণ । আৰম্ভ হৈছে কৰোণাৰ দ্বিতীয় ঢৌ।
বিগত ২৪ ঘন্টাত দেশত ৪৭,২৬২ জন লোক কোৰোনাত আক্ৰান্ত হৈছে ।
সমগ্ৰ দেশত বৰ্তমান সৰ্বমুঠ ৩,৬৮,৪৫৭ গৰাকী কোৰোনাত আক্ৰান্ত হৈ আছে।
কোৰোনাত আক্ৰান্ত হৈ বিগত ২৪ ঘন্টাত মৃত্যু হৈছে ২৭৫ গৰাকীৰ ।
কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ২৩,৯০৭ গৰাকীয়ে ।
দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত ১,১৭,৩৪,০৫৮ গৰাকী ।
ইফালে অসমত আকৌ ৫২জনৰ দেহত ধৰা পৰিছে কৰোণা ভাইৰাছ। ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮০৫৮জনলৈ পাইছে বৃদ্ধি।
অসমত এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ২১৫২৬২জনলৈ বৃদ্ধি পাইছে।
মঙলবাৰে ৰাজ্যত মৃত্যু হৈছে এজন লোকৰ।
মৃত্যু হোৱা লোকৰ সংখ্যা অসমত ১১০২জনলৈ বৃদ্ধি।
ইফালে, চিকিৎসাধীন হৈ আছে ৩৪৭জন ৰোগী।
দেশত কভিডৰ এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ৰোনা ভেকচিনক লৈ ভাৰত চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত। এই সিদ্ধান্ত অনুযায়ী এতিয়াৰে পৰা দেশত ৪৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন প্ৰদান কৰা হ’ব।
দেশত বৰ্তমানলৈ কোভিড ভেকচিন প্ৰদান কৰা হয় ৫,০৮,৪১,২৮৬ গৰাকীক ।
হোলীৰ পিছতেই দেশত ক’ৰোনা ভেকচিন প্ৰদানৰ কাম আৰু দ্ৰুততাৰে আগবঢ়োৱাৰ ইংগিত দিছে কেন্দ্ৰীয় চৰকাৰে।
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে এখন সংবাদ মেল সম্বোধন কৰি কয় যে ভেকচিন ল’বলৈ ৰেজিষ্ট্ৰেচন কৰাৰ পিছতে প্ৰাইভেট বা চৰকাৰী স্বাস্থ্যকেন্দ্ৰত ভেকচিন ল’ব পাৰিব।
বৰ্তমানলৈ দেশত ৪.৮৫ কোটি লোকে ভেকচিন লোৱাৰ লগতে ৮০ লাখ লোকে ভেকচিনৰ দ্বিতীয় ডোজ লৈছে।
উল্লেখ্য যে সমগ্ৰ দেশত মহামাৰী কোৰোনাত আক্ৰান্ত হৈ সৰ্বমুঠ মৃত্যু হৈছে ১,৬০,৪৪১ জন লোক।