নিউজ ডেস্কঃ চাহ বাগিছাই বাগিছাই ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ সংহাৰ। প্ৰতি দিনাই চাহ শ্ৰমিকৰ শৰীৰত ধৰা পৰিছে কভিড ১৯ৰ ভাইৰাছ।
সেয়ে ৰাজ্য়ৰ চাহবাগিচাৰ বাবে নতুনকৈ ৰাজ্য় চৰকাৰে জাৰি কৰিছে SOP।
আজিৰে পৰা চাহবাগানত প্ৰযোজ্য হ’ব নতুন কোভিড বিধি।
নতুন কোভিড বিধিৰ মতে চাহ বাগিচাৰ সকলো বিষয়াই কৰিব লাগিব কোভিড টেষ্ট।
আক্ৰান্ত কোনো শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন।
উপযুক্ত সুবিধা থকা সমূহিক ভৱন, বিদ্যালয় বা প্ৰেক্ষাগৃহত কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব।
কোভিড কেয়াৰ চেণ্টাৰৰ সকলো দিশ তদাৰক কৰিব লাগিব স্থানীয় স্বাস্থ্য বিষয়া, নাৰ্ছ আৰু আশাকৰ্মীয়ে।
সহযোগ কৰিব লাগিব বাগিচা পৰিচালনা কৰ্তৃপক্ষ, জিলা প্ৰশাসনে।
আৰু পঢ়কঃবোকাখাতৰ নুমলীগড় চাহ বাগিচা কন্টেইনমেণ্ট জ’ন ঘোষণা
সংশ্লিষ্ট চক্ৰ বিষয়াই এজন বিষয়াক নিৰীক্ষক হিচাপে নিযুক্ত দিব কোভিড কেয়াৰ চেণ্টাৰত। লক্ষণবিহীন ৰোগীকহে বাগিচাৰ কোভিড কেয়াৰ চেণ্টাৰ ৰাখিব পাৰিব।
বাগিচাৰ প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰত থাকিব লাগিব ৩টাকৈ অক্সিমিটাৰ। কোভিডৰ লগতে আন আন ঔষধ থাকিব লাগিব কোভিড কেয়াৰ চেণ্টাৰত।
এজন ৰোগীৰ খাদ্যৰ নামত দৈনিক ব্যয় কৰিব লাগিব ৩০০টকা।