দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ পামপাৰা-চতলাৰপাৰত কাম নকৰাকৈ এমজিএনৰেগা আঁচনিৰ ধন আত্মসাতৰ অভিযোগ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে। হাতে হাতে প্লেকাৰ্ড লৈ সভানেত্ৰী-খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ।
ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অধীনস্থ পামপাৰা-চতলাৰপাৰ গাঁও পঞ্চায়তত পঞ্চায়ত সভানেত্ৰী জান্নাতুন নেহাৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। স্থানীয় ৰাইজে এমজিএনৰেগা আঁচনিৰ কাম নকৰাকৈ পঞ্চায়ত সভানেত্ৰী জান্নাতুন নেহাৰে চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
শনিবাৰে দিনৰ ভাগত একাংশ ৰাইজে হাতে হাতে প্লেকাৰ্ড লৈ পঞ্চায়ত সভানেত্ৰী গৰাকীৰ দুৰ্নীতি নচলিব, পঞ্চায়ত সভানেত্ৰী মুৰ্দাবাদ, আমাক ৰাস্তা নিৰ্মাণ কৰি দিয়ক, দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়া গৰাকী বিৰুদ্ধে উচ্চ পৰ্যায়ত তদন্ত হ’ব লাগে ইত্যাদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ মতে, পঞ্চায়ত খনৰ অধীনত থকা জেংবাৰী গাঁৱৰ পৰা আমবাৰী ভূঞাপাৰা গাঁৱৰ গড়কপ্তানি পথলৈ এখন এগ্ৰিল বান্ধ নিৰ্মাণৰ বাবে ২০২০-২১ বৰ্ষত এমজিএনৰেগা আঁচনিৰ পৰা মুঠ ৮ লাখ ৬৫ হেজাৰ ৩২৪ টকা চৰকাৰীভাৱে আৱণ্টন হৈছে।
একেদৰে জেকাবাৰী গাঁৱৰ পৰা মাটিফাটা গাঁওলৈ আন এখন এগ্ৰিল বান্ধ নিৰ্মাণৰ নামত ১০ লাখ টকা একেখন আঁচনিৰ পৰা আৱণ্টন দিয়া হৈছে। দুয়োটা কামৰ ক্ষেত্ৰত পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে সামন্যতমও কাম নকৰি ইতমিধ্যে প্ৰথমটো আঁচনিৰ পৰা ৫ লাখ ২২ হেজাৰ ৭০২ টকা উঠাই আত্মসাত কৰাৰ লগতে দ্বিতীয়টো কামৰ পৰা ৩ লাখ ৩৩ হেজাৰ ৫৫৮ টকা উঠাই আত্মসাত কৰাৰ অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়ক : পাৰ্কিঙৰ নামত ৰাইজে ভুগিছে যমৰ যাতনা
আঁচনিৰ ধন পঞ্চায়ত সভানেত্ৰীয়ে আত্মসাত কৰা সন্দৰ্ভত ইতিমধ্যে ধুবুৰী জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰাৰ হৈছে যদিও এতিয়ালৈ কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ ফলত ৰাইজে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলগীয়া হৈছে। ৰাইজে অতি শীঘ্ৰে এই সন্দৰ্ভত তদন্তৰ ব্যৱস্থা কৰি পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।