গুৱাহাটী : গুৱাহাটী পৌৰ নিগমত ভয়ংকৰ বিত্তীয় কেলেংকাৰী। ভুৱা বিলেৰে কোটি কোটি টকা লুন্ঠন। কেলেংকাৰীত জড়িত পৌৰ নিগমৰ একাংশ বিষয়া। কেলেংকাৰীৰ ধনৰ পৰিমাণ দেখি চকু কপালত পৌৰ নিগমৰ আয়ুক্তৰ। তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপিছে আয়ুক্ত গৰাকী।
মহানগৰী গুৱাহাটীৰ নলা-নৰ্মদা পৰিষ্কাৰ কৰাৰ নামত এক বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে গুৱাহাটী পৌৰ নিগমত। নলা-নৰ্মদা পৰিষ্কাৰ কৰাৰ কামত কিছুমান ভুৱা নম্বৰ বিহীন বাহন ব্যৱহাৰ কৰা দেখুৱাই বৃহৎ পৰিমাণৰ ধন লুণ্ঠন কৰা হৈছে পৌৰ নিগমত।
এই লুণ্ঠন কাৰ্যত জড়িত আছে পৌৰ নিগমৰ একাংশ বিষয়া আৰু কৰ্মচাৰী। পৌৰ নিগমত নলা-নৰ্মদা পৰিষ্কাৰ কৰাৰ নামত ইতিমধ্যে ২ কোটিতকৈও অধিক টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাত পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মা ইয়াৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে।
পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মা ইতিমধ্যে চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰত পৌৰ নিগমৰ কেইবাগৰকী বিষয়াৰ নাম আছে বুলিও জানিব পৰা গৈছে। জানিব পৰা মতে বিভিন্ন ভুৱা বিলৰ জৰিয়তে পৌৰ নিগমত বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰা হৈছে।
লগতে পঢ়ক – দীঘলিপুখুৰীত কাৰ্গিল বিজয় দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা
ইফালে শেহতীয়াকৈ ঠিকা অবন্টনৰ ক্ষেত্ৰতো গুৱাহাটী পৌৰ নিগমত কমিছন ৰাজ চলি থকাৰ অভিযোগ উত্থাপন কৰিছিল পৌৰ নিগমৰ একাংশ ঠিকাদাৰে। কমিছন নিদিলে পৌৰ নিগমৰ ঠিকা লাভ কৰাটো অসম্ভৱ বুলি ঠিকা লাভৰ পৰা বঞ্চিত একাংশ ঠিকাদাৰে অভিযোগ উত্থাপন কৰিছিল।