ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে চলাই মাজতে এনেকেতবোৰ বিভাগ আছে য’ত পূৰ্বৰে পৰা চলি থকা দুৰ্নীতি অনিয়ম আগৰ দৰেই চলি আছে।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডত সংঘটিত হোৱা কেইবাশ কোটিটকীয়া এম জি এনৰেগাৰ দুৰ্নীতি-কেলেংকাৰী সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তদানীন্তন বি ডি অ’ নেকিবুৰ ৰহমান আৰু নলবাৰী জিলা পৰিষদৰ কার্যবাহী অভিযন্তা ছাহজাহান আলী আহমেদক মঙ্গলবাৰে চাকৰিৰ পৰা নিলম্বন কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কাই নিলম্বনৰ নিৰ্দেশ জাৰি কৰিছে।

সৰ্বানন্দ সোনোৱাল চৰকাৰৰ প্ৰথমটো কাৰ্যকালত বৰক্ষেত্ৰী সমষ্টিৰ এম ডি এনৰেগা ৰূপায়নৰ নামত ৫ বছৰত ২৩১ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল। সমষ্টিটোৰ তদনীন্তন বিধায়ক নাৰায়ন ডেকাৰ দালাল বাহিনীয়ে সংঘটিত কৰিছিল এই বৃহৎ কেলেংকাৰী। শেহতীয়াকৈ বৰেক্ষেত্ৰী উন্নয়ন খণ্ডৰ তিনিগৰাকী ঠিকাভিত্তিক অভিযন্ত্ৰা আৰু দুগৰাকী অস্থায়ী কম্পিউটাৰ সহায়কক ইতিমধ্যে চাকৰিৰ পৰা অব্যাহতি দিছে।

লগতে পঢ়ক-ডবকাত তিনি প্ৰজন্মৰ শিল্পীৰ শিল্পকৰ্ম প্ৰদৰ্শন

সেইসময় চোৱাত চলোৱা অবাধ দুৰ্নীতিৰ সৈতে সাঙোৰ খাই পৰা বৰক্ষেত্ৰী প্ৰাক্তন বি ডি অ’ নেকিবুৰ ৰহমানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনহাতে জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্ত্ৰা চাহজাহান আলীকো চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ইফালে এই দুৰ্নীতিত নাম সাঙুৰ খাই পৰা ধুবুৰী জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্ত্ৰা মনচেৰ আলী মণ্ডলকো নিলম্বন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply