জৰাজীৰ্ণ দলঙৰ ওপৰেদি নিৰ্দেশ অমান্য কৰি কেনেদৰে চলিছে গধুৰ ট্ৰাক

খেৰনী: পশ্চিম কাৰ্বিআংলং জিলাত বনবিভাগৰ চকুৰ আগতে চলি আছে চোৰাং ৰাৱিছ ভৰ্তি ডাম্পাৰ।

পশ্চিম কাৰ্বি আংলংৰ খেৰনী বন বিভাগৰ চকুৰ আগেৰে দৈনিক পাৰহৈ আহিছে একেখন চালানৰ বিনিময়ত দুই বা তিনি বাৰকৈ দৈনিক অহাযোৱা কৰে ট্ৰাক সমূহ।

আনহাতে খেৰনীৰ মাজেৰে বৈ যোৱা কপিলি নদীৰ ওপৰত থকা পুৰণি দলং খনৰ অবস্থাও জৰাজীৰ্ণ।

বৰ্তমান দলংখনৰ ম্যাদ উকলি যোৱাত গড়কাপ্তানী বিভাগে দলংখনৰ বহন ক্ষমতা ১২টনৰ ফলক লগাই থোৱাৰ পিছতো সেই দলংখনৰ ওপৰেৰে ১২ টনতকৈ অধিক বোজাই লৈ দৈনিক চলাচল কৰিছে ডাম্পাৰসমূহ।


ইয়াৰ ফলত যি কোনো মুহুৰ্ততে সংঘটিত হব পাৰে ভয়ঙ্কৰ বিপদৰ।
কেনেকৈ কাৰ অনুগ্ৰহত কাৰ্বি আংলংৰ জিলাৰ বিয়াগোম বনবিভাগৰ চকুৰ আগেৰে একেখন চালানৰ নামত দৈনিক ২ – ৩ বাৰকৈ ৰাবিচ কঢ়িয়াব কৰিব পাৰিছে সেয়া এক ৰহস্যৰ বিষয় ।

বন বিভাগৰ লোকসকল জ্ঞাত নহয় নে তেওলোকৰেই সহযোগত চলিছে এই কাৰবাৰ সমূহ । কোনে কাক মেনেজ কৰি এই ডাম্পাৰ সমূহ চলাই গৈছে তাক লৈ গুৰুত্ব নাই প্ৰশাসনৰ।
ভয়াবহ বিপদসংকুল ভাবে দূৰ্বল দলঙৰ ওপৰেদি অহাযোৱা কৰা ডাম্পাৰ সমূহ এতিয়া কোনে নিয়ন্ত্ৰণ কৰিব।

লগতে পঢ়ক কাইলৈ লাভলীনা বনাম বুছেনাজ চুৰমেনেলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply