গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ৰ স্নাতকৰ প্ৰথম ষান্মাষিকৰ পৰীক্ষা স্থগিত। ২১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল ব্যৱহাৰিক পৰীক্ষা।

২৫এপ্ৰিলত কটন বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিষয়ৰ ব্যৱহাৰিক নিৰীক্ষকৰ দেহত ধৰা পৰে কৰোনাৰ উপস্থিতি।

নিৰীক্ষকজনৰ দেহত কৰোনাৰ উপস্থিতি ধৰা পৰাৰ পিছতেই আতংকৰ সৃষ্টি হয় সমগ্ৰ বিশ্ববিদ্যালয়খনত।

আৰু পঢ়কঃঅসম জাতীয় বিদ্যালয়ৰ অফলাইন শ্ৰেণী সমূহ ৩১ মে পৰ্যন্ত বাতিল কৰা হৈছে

পূৰ্বৰ পৰাই শিক্ষাৰ্থীসকলে কভিডসৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষা বাতিলৰ দাবীত প্ৰতিবাদ কৰিছিল।

কভিডকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়ৰ চলিত স্নাতক লিবাৰেল আৰ্টকে ধৰি স্নাতকৰ প্ৰথম ষান্মাষিকৰ পৰীক্ষা আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হৈছে।

পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ পৰীক্ষা অনুষ্ঠিত নহ’ব বুলি আজি এক বিবৃতিযোগে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দিয়ে।

আনহাতে, পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাৰ পিছত পৰৱৰ্তী পৰীক্ষাসূচীৰ বিষয়ে জাননীযোগে অৱগত কৰোৱা হ’ব বুলি উল্লেখ কৰে বিবৃতিটোত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply