গুৱাহাটীঃ নিশা কটন বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিশ্ববিদ্যালয়খনৰ দুটা হোষ্টেলৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা।

উদণ্ড ছাত্ৰই ভাঙি লণ্ডভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী। হোষ্টেলৰ খাদ্যগৃহৰ লগতে ৰান্ধনীগৃহতো চলালে উপদ্ৰৱ।

সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ।

এই ঘটনাত দুয়োখন হোষ্টেলৰে কেইবাগৰাকীয়ো ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়।

আহত ছাত্ৰ কেইজনক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয়।

মাৰপিটৰ ঘটনাক নিয়ন্ত্ৰণ কৰিবলৈ নিশাই আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হয়।

লগতে পঢ়কঃছাত্ৰ মুক্তিৰ দখলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা

উল্লেখ্য যে, বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী অভিষেক মহন্তই জয়লাভ কৰে। অভিষেক মহন্ত কটন বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকাফুকন ছাত্ৰাৱাসৰ আৱাসী।

আনহাতে, সভাপতি পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী নিয়ৰ ডেকাই বিজয় সাব্যস্ত কৰে।

উপ সভাপতি পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী হীনা দেউৰীৰ আৰু সহকাৰী সাধাৰণ সম্পাদক পদত জুমী গগৈ জয়ী হয়। ইয়াৰ উপৰি লঘু খেল, ছাত্ৰী জিৰণি কোঠা, কোৰ্ট মেম্বাৰ পদসমূত ছাত্ৰ মুক্তিৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ কৰে।

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই বিশ্ববিদ্যালয়খনত সংঘটিত হয় নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা।

এই ঘটনাক লৈ কটনৰ সাধাৰণ সম্পাদকে কয়, ‘‘নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ বেদনা সহ্য কৰিব নোৱাৰি আমাৰ হোষ্টেলৰ ওপৰত আক্ৰমণ কৰিলে সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেলৰ পৰা। আমি নিশা মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ বাহিৰত নিৰ্বাচনত জয়ী হোৱাৰ পাৰ্টী কৰি আছিলো।

হঠাৎ আমাৰ হোষ্টেললৈ শিল,ইটা দলিয়ালে সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেলৰ পৰা। আমাৰ ২০জন মান আৱাসী আঘাতপ্ৰাপ্ত হৈছে। আমাৰ হোষ্টেলৰ পৰা আক্ৰমণ কৰা হোৱা নাই প্ৰথমে। অসম ছাত্ৰ পৰিষদৰ দুজন নেতাৰ নেতৃত্বতে হৈছে এই আক্ৰমণৰ ঘটনা।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply