নিউজ ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি ‘পৃথিৱীৰ ভাষিক বৈচিত্ৰ্য, সংকট আৰু সংৰক্ষণ’ শীৰ্ষক এখন সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ শুভাৰম্ভণি বিশ্ববিদ্যালয়ৰ ছাত্ৰী তুলিকা গগৈৰ কন্ঠত বৰগীতেৰে কৰে।

ইফালে, উক্ত অনুষ্ঠানটি উদ্বোধন কৰে ড০ মহেশ্বৰ কলিতাই। সভাৰ উদ্বোধন কৰি তেওঁ মাতৃভাষাৰ গুৰুত্ব আৰু সংস্কৃতিৰ লগত ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰে। সভাৰ মুখ্য বক্তা ড০ নুৰ ইছলাম শইকীয়াই পৃথিৱীৰ ভাষিক বৈচিত্ৰ্যৰ ব্যাখ্যাৰে অসমৰ ভাষিক প্ৰেক্ষাপটৰ বিভিন্ন দৃষ্টিকোণ দাঙি ধৰে।

ড০ শইকীয়াই ভাষাৰ বিপন্নতাৰ প্ৰসংগত ভাষিক হত্যাকাণ্ড আৰু ভাষিক আত্মহত্যাৰ কথা উল্লেখ কৰি অসমীয়া ভাষা বৰ্তমানেও সুৰক্ষিত বুলি কয়। লগতে তেওঁ আমাৰ মাতৃভাষাৰ প্ৰতি থাকিব লগা দায়বদ্ধতাৰ কথা কৈ ভাষিকগোষ্ঠীয়ে ভাষাক লৈ গৌৰৱ কৰিব লাগিব বুলিও উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply