গুৱাহাটী: ২০০৩ চনৰ ৪ এপ্ৰিল তাৰিখটো অসমৰ বাবে অতি স্মৰণীয় দিন ৷ এই দিনটোতে কপৌফুল (Rhynchostylis retusa (L.) Blume)ক ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হৈছিল৷

এই দিনটোৰ লগত সংগতি ৰাখি আজি অৰ্থাৎ ৪ এপ্ৰিল, ২০২২ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগত এক আলোচনা অনুষ্ঠান অনুস্থিত কৰা হয় ৷ অনুষ্ঠানত মূল বক্তা ৰূপে বক্তৃতা প্ৰদান কৰে ড° আশীষ ক’ৰে৷

তেখেতে বক্তৃতাত মূলত উত্তৰ-পূৰ্বাঞ্চলত অৰ্কিডৰ ভৌগোলিক অৱস্থিতি, কামৰূপ জিলাত কি কি প্ৰজাতিৰ পোৱা যায়, লগতে কপৌফুলৰ গুৰুত্ব আৰু সাম্প্ৰতিক স্থিতি সম্পৰ্কে উল্লেখ কৰে৷ অনুষ্ঠানত উদ্ভিদ বিজ্ঞান বিভাগৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি অনুষ্ঠানটো ফলপ্ৰসূ কৰি তোলে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply