নিউজ ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ আজি ভোটগণনা পৰ্ব আৰম্ভ হৈছে। দেওবাৰে পুৱা পুৱাৰে পৰা আৰম্ভ কৰা হৈছে ভোটগণনা। 

এইবাৰৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনত ১০টা পদত মুঠ ২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। 

উল্লেখ্য যে, শনিবাৰে পুৱা ৯ বজাৰ পৰা ৫ বজালৈকে কৰা হৈছিল ভোটগ্ৰহণ। আৰু এইবাৰৰ নিৰ্বাচনত ৯৯৮ গৰাকী ভোটাৰৰ ভিতৰত মুঠ ৯০৬ গৰাকী ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ। 

পৰৱৰ্তী সময়ত কোন কোন পদত কোন গৰাকী প্ৰাৰ্থী জয়ী হৈছে এই বিষয়ে জানিব পৰা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply