মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই সমষ্টিৰ ভোট গণনাৰ বাবে কাউণ্টিং বিষয়াৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ। মঙলাবাৰে পুৱা ৮ বজাৰ পৰা কভিড প্ৰ’টকল মানি ভোট গণনাৰ বাবে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়।
দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২ মে’ তাৰিখে অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে মঙলাবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত কাউণ্টিং বিষয়া সকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ অধীনত থকা মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিৰ বাবে জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত প্ৰেক্ষাগৃহত এই ভোট গণনা অনুষ্ঠিত কৰা হ’ব।
আৰু পঢ়কঃপাঠদান বন্ধক লৈ নিশাই জাৰি কৰা নিৰ্দেশনাই সৃষ্টি কৰিছে টীয়কত আহুকলীয়া পৰিস্থিতি
ভোট গণনাৰ বাবে ইতিমধ্যে যোৱা ২৫ এপ্ৰিলত ১১০ গৰাকী বিষয়াক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছত মঙলাবাৰে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। দুটা পৃথক পৃথক কক্ষত কভিড প্ৰ’টকল মানি ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে। ২ মে’ পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব।
ৰাইজে ঘৰত বহি প্ৰতিটো ৰাউণ্ডৰ সবিশেষ মাইক তথা মিডিয়া যোগে জানিবলৈ পাব। সেয়ে কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে ভোট গণনাৰ খবৰ ল’বলৈ অযথা ভিৰ নকৰি ঘৰৰ পৰাই সকলো খবৰ সংগ্ৰহ কৰিব পাৰিব বুলি নিৰ্বাচনী বিষয়া ভিভাস মেধীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে নিৰ্বাচন আয়োগে কভিড পৰিস্থিতিৰ বাবে এইবাৰ নিৰ্বাচনত বিজয় হোৱা দলে বিজয় উৎসৱ পালন কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে।