ৰঙিয়া : ৰঙিয়াৰ পৰা চাৰি সন্তানক লৈ ঘৰমুৱা হ’ল ধুবুৰীৰ দম্পত্তি। চিকিৎসক-ৰোগীৰ স্নেহ বন্ধনৰ এক অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা গ’ল ৰঙিয়াৰ স্বস্তি হাস্পতালত। এমাহ পূৰ্বে স্বস্তি হাস্পতালত এগৰাকী প্ৰসূতিয়ে চাৰিটাকৈ সন্তান জন্ম দিয়াৰ এক বিৰল খবৰ চৌদিশে চৰ্চা লাভ কৰিছিল। সকলোৱে খবৰটো শুনি যেনেদৰে আশ্বৰ্জনিত হৈছিল ঠিক সেইদৰে মাতৃ-সন্তানক কুশলে ৰাখিবলৈ সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছিল।
চিকিৎসক-চিকিৎসাকৰ্মীৰ আপ্ৰাণ চেষ্টাত অৱশেষত বৃহস্পতিবাৰে ধুবুৰীৰ দম্পত্তিহালে নিজৰ চাৰি সন্তানকলৈ ঘৰমুৱা হ’ল। ঘৰলৈ যোৱাৰ পূৰ্বে হাস্পতালখনৰ চিকিৎসক ডা: হিতেন্দ্ৰ কলিতাৰ লগতে চিকিৎসক ৰাস্না শৰ্মা, হিমাংশু শেখৰ, চন্দন বৰ্মনসহ নাৰ্ছ সকলে মৰমতে এবাৰ কোলাত লৈ দেৱশিশু কেইটাক উমাল মৰমো জনালে চিনাকি-অচিনাকি শুভকাংক্ষী সকলেও শুভ কামনা জনালে ধুবুৰীৰ দম্পত্তিহালৰ লগতে শিশু কেইটাক।
উল্লেখ্য যে এমাহ পূৰ্বে ধুবুৰীৰ কলেজ ৰোডৰ এগৰাকী মহিলাই হাস্পতালখনত চাৰিটাকৈ সন্তান জন্ম দিছিল। ইয়াৰে দুগৰাকী কন্যা সন্তান আৰু দুজন পূত্ৰ সন্তান। চিকিৎসকৰ নেৰানেপেৰা চেষ্টাত মাতৃৰ লগতে সন্তান কেইটা এমাহৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। এবছৰ পূৰ্বৰ পৰাই হাস্পতালখনৰ জ্যেষ্ঠ চিকিৎসক ডা: হিতেন্দ্ৰ কলিতাৰ ওচৰত মহিলা গৰাকীয়ে চিকিৎসা লৈ আহিছিল।
চিকিৎসাৰ অন্তত চাৰিটাকৈ সন্তান জন্ম পোৱাৰ পিছত স্বাভাৱিকতে পিতৃ-মাতৃৰ লগতে চিকিৎসক সকল যিমান আনন্দিত হৈ পৰিছিল সিমানেই চিকিৎসক সকলৰ সন্মুখত মাতৃৰ লগতে সন্তান কেইটি ভালেৰে ৰাখিবলৈ এক বৃহৎ প্ৰত্যাহ্বানো আহি পৰিছিল। বুধবাৰে ঘৰলৈ যোৱাৰ সময়ত এক আবেগিক পৰিৱেশত চিকিৎসক সকলে সন্তান কেইটিক একোলাকৈ লৈ বিদায় দিয়ে।
লগতে পঢ়ক : সৰুসজাইত ৩০০ বিচনাযুক্ত ক’ভিড হাস্পতাল মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
ইফালে চিকিৎসালয়খনত ধুবুৰীৰ দম্পত্তিহালে এনেদৰে চাৰিটা সন্তানৰ গৌৰৱ অৰ্জন কৰাত স্বস্তি হাস্পতালৰ প্ৰৱন্ধক কৰেন্দ্ৰ কলিতাসহ চিকিৎসালয়খনৰ চিকিৎসক কৰ্মীক ভুৰি ভুৰি প্ৰশংসা কৰে। যি সময়ত চিকিৎসক আৰু ৰোগীৰ মাজত সংঘৰ্ষই ৰাজ্যজুৰি তোৰপাল লগাই আছে ঠিক তেনে সময়তে ৰঙিয়াৰ চিকিৎসক-ৰোগীৰ আত্মীয়তাৰ বান্ধোন বৰ্তমান সময়ত এক অপূৰ্ব নিদৰ্শন বুলি চৰ্চিত হৈছে।