তিনিচুকীয়া : অসমত বৰ্তমান ক’ভিড ভেকচিনৰ নাটনিয়ে ধৰা দিছে। কেৱল শিৱসাগৰ জিলাতে ক’ভেক্সিনৰ প্ৰথমটো পালি গ্ৰহণ কৰা প্ৰায় ২০০০ গৰাকীয়ে ব্যক্তিয়ে ৪২ দিনৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছতো দ্বিতীয়টো পালি লাভ কৰা নাই।
অৰুন্ধতী বৰা নামৰ জিলাখনৰ এগৰাকী স্বাস্থ্য বিষয়াই এই কথা নিশ্চিত কৰি কয় যে ৫০০০ গৰাকীয়ে ব্যক্তিৰ ক্ষেত্ৰত ক’ভেক্সিনৰ প্ৰথমটো পালি লোৱা ২৮ দিন পাৰ হৈ গৈছে।
যুটিয়া স্বাস্থ্য সঞ্চালক এছ এম শৰ্মাই ইষ্টম’জ’ক কয়, ‘আজি আমি ৬০০ গৰাকী হিতাধিকাৰীক ভেকচিন প্ৰদান কৰিছো। আমাৰ লগত থকা ক’ভেক্সিনৰ মজুত শেষ হৈ গৈছে, পৰৱৰ্তী যোগান লাভ কৰাৰ পিছতে আমি দ্বিতীয় পালি টীকাকৰণ আৰম্ভ কৰিব পাৰিম’।
একেদৰে যোৰহাটতো ৪৫ বছৰ উৰ্ধ্বৰ বহু লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰা নাই। অনুৰণ নাথ নামৰ যোৰহাটৰ এগৰাকী লোকে কয় যে জিলাখনত যোৱা ১৫ দিন ধৰি ক’ভেক্সিন পাবলৈ নাই। যোৱা ৩ জুনতে তেওঁৰ পিতৃৰ ৪২ দিনৰ সময়সীমা পাৰ হৈ গৈছে বুলি নাথে জানিবলৈ দিয়ে।
লগতে পঢ়ক : জুৱাৰীৰ পৰা উৎকোচ লৈ নিলম্বিত হ’ল আৰক্ষী বিষয়া
ঠিক একেদৰে বৰাক উপত্যকাতো ক’ভেক্সিনৰ নাটনি দেখা গৈছে। শিলচৰৰ মানবেন্দ্ৰ চক্ৰবৰ্তী নামৰ এগৰাকী লোকে জনোৱা মতে যোৱা ৫ জুনত তেওঁ আৰু তেওঁৰ পৰিবাৰৰ দ্বিতীয় পালি লোৱাৰ সময়সীমা পাৰ হৈ গৈছে।
উল্লেখযোগ্য যে ভাৰতত প্ৰস্তুত কৰা ক’ভেক্সিনৰ দুটা পালিৰ মাজত ৪ৰ পৰা ৬ সপ্তাহৰ থাকিব লাগে। যোৱা ১ জুনত এখন সংবাদমেলত নিটি আয়োগৰ ডাঃ ভি কে পালেও এই কথা দোহাৰিছিল।
৬ জুনলৈকে অসমৰ ৩৪,৮৮,৪৮৪ গৰাকী লোকক (১৯ শতাংশতকৈ অলপ বেছি) ক’ভিড ভেকচিন এটা পালি প্ৰদান কৰা হৈছে। ইয়াৰে কেৱল ৮,৫০,৩০৬ গৰাকী লোকে (প্ৰায় ৫ শতাংশ) দ্বিতীয়টো পালি লাভ কৰিবলৈ সক্ষম হৈছে।