ৰাজ্যত ক্ৰমাৎ বাঢ়িছে সংক্ৰমণৰ সংখ্যা৷ ক’ভিড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ উপস্থিত কাইলৈহে চূড়ান্ত সিদ্ধান্ত ল’ব৷ মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ পাছতহে আগন্তুক ভোগালী বিহু সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷
অসমত এতিয়া লৈকে ২জন লোক অ’মিক্ৰনত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে৷ ইয়াৰে এজন ৰোহন দাস শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা মহম্মদ মামুদ হুছেইন৷ তেওঁক যোৰহাটত টেষ্ট কৰা হৈছিল৷

কলকাতালৈ ১৫৯৮টা ছেম্পল পঠিওৱা হৈছিল যদিও সকলো ৰিপৰ্ট বৰ্তমানলৈকে আহি পোৱা নাই৷ যোৱা ১০ দিনত ধৰা পৰিছে ৮৩০টা ক’ভিড আক্ৰান্তৰ ঘটনা ৷ কামৰূপৰ (ম)১৫৬, যোৰহাট ১০৫, হোজাইত ৫০৷ ৰাজ্যত ২৬১৩ অক্সিজেন বিচনা সাজু কৰা হৈছে ৷

গুৱাহাটীত জিএমচিএইচত ক’ভিডৰ বাবে ১২৮টা কেবিন থকাৰ লগতে এমএমচিএইচত ২০০ক’ভিড বিচনা সাজু হৈ আছে৷ সৰুসজাই ৩০০বিচনা থকাৰ উপৰি ১৬ জনক ইতিমধ্যে ভৰ্তি হৈছে ৷

প্ৰতিখন মেডিকেল কলেজ আৰু জিলা উপায়ুক্তক পূৰ্বৰ ক’ভিড হাস্পতাল সাজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে৷ ৰাজ্যত বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় অহা-যোৱা বন্ধ নকৰাৰ বাবে সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে৷

আজিৰ দিনটোত ৫৯১ গৰাকী লোক আক্ৰান্ত হৈছে। কামৰূপ মেট্ৰত আক্ৰান্ত হৈছে ২৭৯ গৰাকী। ৪ গৰাকী লোকৰ মৃত্যু হৈছে।

লগতে পঢ়ক-ছাত্ৰ মুক্তিৰ দখলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা

সংক্ৰমণ বৃদ্ধি হ’লেও চৰকাৰ লকডাউনৰ পক্ষত নহয় বুলি মন্তব্য কৰে৷ জনসাধাৰণৰ স্বাভাৱিক জীবন স্তব্ধ নকৰাকৈ ক’ভিডৰ যুঁজ আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে৷ অৱশ্যে ফেব্ৰুৱাৰী ভিতৰত সম্পূৰ্ণ কৰা হ’ব ১৫-১৮বছৰৰ ভেকচিন প্ৰক্ৰিয়া৷ ১০লাখ টেষ্টিং কিটছ ইতিমধ্যে অৰ্ডাৰ দিয়া হৈছে আৰু মজুত আছে ৫ লাখ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply