গুৱাহাটী : ক’ভিডত আক্ৰান্ত হৈ এই পৰ্য্যন্ত ১৯৫২ গৰাকী ভাৰতীয় ৰে’ল বিভাগৰ কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে প্ৰত্যেক দিনাই প্ৰায় ১,০০০ গৰাকীকৈ কৰ্মচাৰী দৈনিক আক্ৰান্ত হৈ আছে। সোমবাৰে ভাৰতীয় ৰে’লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে ভাৰতীয় ৰে’লৱেত প্ৰায় ১৩ লাখ কৰ্মচাৰী কৰ্মৰত হৈ আছে।

‘আন ৰাজ্য বা অঞ্চল সমহূৰ তুলনাত ৰে’ল বিভাগ কোনোধৰণে পৃথক নহয়, ইয়াতু ক’ভিডত আক্ৰান্তৰ সংখ্য বৃদ্ধি পাই আছে। আমি মানুহ আৰু মালবস্তু অনা নিয়া কৰো। দৈনিক প্ৰায় ১০০০ টা ক’ভিড কেচ ধৰা পৰে।‘ ৰে’লৱে বৰ্ডৰ অধ্যক্ষ সুনীত শৰ্মাই কয়।

তেওঁ আৰু কয়, ‘আমাৰ নিজা হস্পিতাল আছে, বিছনাৰ সংখ্যা বৃ্দ্ধি কৰা হৈছে, ৰে’ল হস্পিতালসমূহত অক্সিজেন প্লাণ্ট স্থাপন কৰা হৈছে। বৰ্তমান আমাৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে ৪,০০০খন বিছনাত চিকিৎসাধীন হৈ আছে। যোৱা বছৰৰ মাৰ্চ মাহৰ পৰা এইপৰ্য্যন্ত ১,৯৫২ গৰাকী ৰে’ল কৰ্মচাৰীৰ মৃত্যু হৈছে।‘

লগতে পঢ়ক : অসমত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰাৰ দিশত মাৰাত্মক ক’ভিড

কিছু দিন পূৰ্বে, সৰ্ব ভাৰতীয় ৰে’লৱেমেন ফেডাৰেশ্যনে ক’ভিড মহামাৰীৰ দুৰ্যোগৰ সময়ত কাম কৰি প্ৰাণ হেৰোৱাব লগীয়া হোৱা ৰে’ল কৰ্মচাৰীসকলক আগশাৰীৰ কৰ্মীসকলৰ সমান মূল্যত ক্ষতিপূৰণ দিবলৈ দাবী জনাই ৰে’ল মন্ত্ৰী পিযুষ গোৱেললৈ পত্ৰ পেৰণ কৰিছিল।

উক্ত পত্ৰত তেওঁলোকে বৰ্তমান আগবঢ়াই থকা ২৫ লাখ টকাৰ ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰি আগশাৰীৰ কৰ্মীসকলৰ দৰে ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায়।

এই পৰ্য্যন্ত এক লাখতকৈ অধিক কৰ্মচাৰী ক’ভিড আক্ৰান্ত হৈছে আৰু ইয়াৰে ৬৫,০০০ কৰ্মচাৰী সুস্থ হৈ উঠাৰ পৰিৱৰ্তে ১,৫০০ কৰ্মচাৰীয়ে প্ৰাণ হেৰোৱা বুলি পত্ৰখনত ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱ গোপাল মিশ্ৰই সদৰী কৰে।

ইপিনে, অক্সিজেন এক্সপ্ৰেছ সম্পৰ্কত মন্তব্য কৰি সুনীত শৰ্মাই কয় যে ৰে’ল বিভাগে ২৯৫খনতকৈ অধিক টেংকাৰত যোৱা ১৯ এপ্ৰিলৰ পৰা দেশৰ ভিবিন্ন ঠাইলৈ প্ৰায় ৪,৭০০ টন লিকুইড মেডিকেল অক্সিজেন (এল এম অ’) যোগান ধৰিছে।

আৰু পঢ়ক : মিছন অক্সিজেন! বায়ুসেনাই দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিছে অক্সিজেন

যোৱা দেওবাৰে, একেটা দিনতে, অক্সিজেন এক্সপ্ৰেছে ৮৩১ টন এল এম অ’ যোগান ধৰিছে, যিটো এইপৰ্য্যন্ত আটাইতকৈ বেছি।তেওঁ আৰু কয় যে এইপৰ্য্যন্ত ৭৫খন অক্সিজেন এক্সপ্ৰেছে তেওঁলোকৰ যাত্ৰা সম্পূৰ্ণ কৰিছে।

এতিয়ালৈকে, মহাৰাষ্ট্ৰক ২৯৩ টন, উত্তৰ প্ৰদেশক ১,৩৩৪ টন, মধ্য প্ৰদেশত ৩০৬ টন, হাৰিয়ানাক ৫৯৮ টন, টেলেংগানাক ১২৩ টন, ৰাজস্থানক ৪০ টন আৰু দিল্লীক ২,০১১ টন এল এম অ’ যোগান ধৰা হৈছে। ইয়াৰ উপৰি কৰ্ণাটকলৈ প্ৰেৰণ কৰা প্ৰথমখন অ’ক্সিজেন এক্সপ্ৰেছে ইতিমধ্যে ১২০ টন এল এম অ’ লৈ ঝাৰখণ্ডৰ টাটানগৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply