ডিব্ৰুগড় : ক’ভিডত আক্ৰান্ত হোৱা অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, হস্পিটালত ভৰ্তি কৰোৱা হৈছে।
চাৰিদিন পূৰ্বে ক’ভিড পজিটিভ ধৰা পৰা কাকতিক শুকুৰবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।
ডাঃ কাকতি ক’ভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙিয়াই কয়, ‘ডাঃ কাকতিক আজি পুৱা এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে জি এম চি এইচত ভৰ্তি কৰোৱা হয়। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।’
ইয়াৰ পূৰ্বে কৃষি মন্ত্ৰী অতুল বৰাই শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ডাঃ কাকতিৰ স্বাস্থ্যৰ বুজ লয়।
লগতে পঢ়ক : ইণ্ডিয়ান ৰেডক্ৰছ ছ’চাইটি, শিলচৰৰ বহুমুখী ভৱনৰ নির্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে