গুৱাহাটী : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে গৰম বন্ধ খোলাৰ পিছতো ৰাজ্যৰ বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। এই সময়ছোৱাত বিদ্যালয়সমূহক অনলাইন পাঠদান চলাই যাবলৈ কোৱা হৈছে।
মঙলবাৰে এই চৰকাৰী নিৰ্দেশনা জৰিয়তে এই কথা সদৰী কৰা হয়।
লগতে পঢ়ক : এটা বছৰৰ কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ অসমৰ দেৱাংগনা কলিতা; দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ
মাধ্যমিক শিক্ষা বিভাগৰ মুখ্য সচিব বি কল্যান চক্ৰৱৰ্তীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলক অনলাইন ক্লাছবিলাক যাতে ভালদৰে অব্যাহত ৰাখিব পাৰি তাৰ বাবে প্ৰতি দৃষ্টি দিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে কালি অৰ্থাৎ ১৪ জুনত বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ অন্ত পৰে। কভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ১৫ মে’ৰ পৰা বিদ্যালয়সমূহৰ গৰম বন্ধ ঘোষণা কৰিছিল।
ৰাজ্যত বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা ৪,৬৩,১৭৫ গৰাকীলৈ বৃদ্ধি পাইছে। সোমবাৰে ৩,৬৭৮ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৩ জন ক’ভিড ৰোগীৰ মৃত্যু হয়।