আজি (২৭ এপ্ৰিল)ৰ পৰা ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্যআইন। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এক নিৰ্দশ যোগে এই কথা ঘোষণা কৰিছে।
ৰাজ্যৰ মুখ্য সচিবৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশনাটোত জনোৱা মতে অহা ১ মে’ লৈকে নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে এই নিৰ্দেশ বাহাল থাকিব।
অৱৰ সচিৱ পৰ্যায়ৰ পৰা সকলো বিষয়া ১০০% উপস্থিত থাকিব লাগিব ।
গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ বয়সৰ শিশুৰ মাতৃক ‘ৱৰ্ক ফ্ৰম হোম’ৰ সুবিধা ।
বিশেষভাৱে সক্ষম কৰ্মচাৰীয়ে ল’ব পাৰিব ‘ৱৰ্ক ফ্ৰম হোম’ৰ সুবিধা ।
৩০ এপ্ৰিললৈ জনতা ভৱনত বাহিৰা লোকৰ প্ৰৱেশতো কঠোৰ ব্যৱস্থা ।
নৈশ সান্ধ্যআইনৰ পৰা কোনে কোনে ৰেহাই পাব :
১. অসম চৰকাৰ/ভাৰত চৰকাৰৰ বিষয়া/কৰ্মচাৰীসকল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা প্ৰতিষ্ঠান, আৰক্ষী, কাৰাগাৰ, গৃহকৰ্মী, আদি জৰুৰী সেৱাৰ লগতে জড়িত সকলো কৰ্মচাৰী। অৱশ্যে সকলোৱে লগত পৰিচয় পত্ৰ ৰাখিব লাগিব।
২. ন্যায়ালয়ৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলে পৰিচয়পত্ৰ প্ৰদৰ্শন কৰিব লাগিব।
৩. গৰ্ভৱতি মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত অনুমতি দিয়া হ’ব।
৪. বিমান আৰু ৰে’ল যাত্ৰীসকলে ৰে’লৱে ষ্টেশ্যন, বিমানবন্দৰ আদিলৈ টিকট প্ৰদৰ্শন কৰি যাব পাৰিব।
৫. সংবাদ মাধ্যমৰ সৈতে জড়িত সকলেও পৰিচয় পত্ৰ দেখুৱাই অহা যোৱা কৰিব পাৰিব।
৬. আন্তঃ জিলা আৰু আন্তঃ ৰাজ্যিক অত্যাৱশকীয় সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত উক্ত বাধা আৰূপ কৰা হোৱা নাই।
৭. বেংক, পেট্ৰল পাম্প, ৰন্ধন গেছ, জৰুৰীকালিন খাদ্য সামগ্ৰী কঢ়িওৱা গাড়ী, ফাৰ্মাচি ইঞ্চুৰেঞ্চ, ATM সেৱাৰ সৈতে জড়িতসকলৰ ক্ষেত্ৰত বাধা আৰূপ কৰা হোৱা নাই।
৮. ক’ভিডৰ টীকাকৰণৰ বাবে যোৱা লোকসকলক এই ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।
৯. খাদ্যবস্তু, ফল-মূল, পাচলি, মাছ-মাংস, গাখীৰৰ ব্যৱসায়ৰ সৈতে জড়িতসকলে চলাচল কৰিব পাৰিব।
১০. ই-কমাৰ্চৰ জৰিয়তে খাদ্য, ঔষধ, চিকিৎসাৰ সামগ্ৰীৰ ডেলিভাৰী চলি থাকিব।
