নিউজ ডেস্ক : মঙলবাৰে ৰাজ্যত ১৬ জন ক’ভিড আক্ৰান্ত লোকৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত ৰাজ্যখনত ৯২৯ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে।
অসমত এই পৰ্য্যন্ত মুঠ ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৫,৭৬,১৪৯ গৰাকী।
কালি মুঠ ১,১৪,১৫২ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, সেই হিচাপত কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৮১ শতাংশ।
মঙলবাৰে মৃত্যু হোৱা ১৬ গৰাকী লোকৰ ভিতৰত বঙাইগাঁও, গোলাঘাট, হোজাই আৰু কামৰূপ মহানগৰৰ দুজনকৈ লোক আৰু ধেমাজী, যোৰহাট, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুড়িৰ ১ জনকৈ লোক আছে।
এই পৰ্য্যন্ত ৰাজ্যখনত ৫,৪২০ গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্যত প্ৰকাশ।
সোমবাৰে ১,৪০,৪৫৪ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ১,১২০ গৰাকী ব্যক্তিৰ দেহত ক’ভিড পজিটিভ পোৱা যায়।
বৰ্তমান ৰাজ্যখনত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৯,৬৯৮ গৰাকী।
লগতে পঢ়ক : লাভলীনাক আদৰি অনাৰ বাবে ব্যাপক প্ৰস্তুতি