নিউজ ডেস্ক: কোৰোণা আকৌ ভয়াৱহতাৰ পিনে গতি কৰিছে। প্ৰতিদিনাই হোৰাহোৰে বাঢ়িছে আক্ৰান্ত লোকৰ সংখ্যা। সকলো অভিলেখ ভংগ কৰি বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশৰ ১,৪৫,৩৮৪গৰাকী লোক আক্ৰান্ত হ’ল কোৰোণা ভাইৰাছত।শুকুৰবাৰৰ দিনটোতে দেশত মৃত্যু হ’ল ৭৯৪ গৰাকী লোকৰ৷ শেহতীয়াকৈ কোৰোণা আক্ৰান্ত হোৱাৰ তালিকাত সোমাল আৰএছএছৰ মুৰব্বী মোহন ভাগৱত ৷

আৰু পঢ়কঃকামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কভিড-১৯ পৰীক্ষাৰ তিনিদিনীয়া কাৰ্যসূচী

শুকুৰবাৰৰ দিনটোত অসমত নতুনকৈ কোৰোণাত আক্ৰান্ত হ’ল ২৮১গৰাকী লোক। ইয়াৰে ১৫৩গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ। নগাৱৰ ১২ জন, যোৰহাটৰ ১১ জন, শোণিতপুৰৰ ১০ জন আক্ৰান্ত হৈছে কোৰোণাত৷
শুকুৰবাৰৰ দিনটোত যোৰহাটত এজন আৰু শিলচৰত এজনৰ মৃত্যু হয় ৷
শিলচৰ চিকিৎসা মহা বিদ্যালয় হাস্পতালত মৃত্যুু হয় দিপাংকৰ দাস নামৰ ৫৬ বছৰীয়া এজন লোকৰ ৷ দাসৰ ঘৰ শিলচৰৰ প্ৰথম লিংক ৰোডত ৷ কিছু দিন পুৰ্বে কলকতাত চকুৰ চিকিৎসা কৰি তেওঁ ঘৰলৈ আহিছিল ৷ স্বাস্হ্যৰ অৱনতি হোৱাত তেওঁক যোৱা ২ এপ্ৰিলত SMCH ত ভৰ্তি কৰা হৈছিল যদিও শুকুৰবাৰে তেওঁৰ মৃত্যু হয় ৷ শেহতীয়া তথ্য মতে এতিয়া ১,২৬৩ জন লোক আক্ৰান্ত হৈ আছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply