একেৰাহে দ্বিতীয় দিনৰ বাবে ভাৰতত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ২লাখৰো অধিক লোক। বিগত ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ২লাখ ১৭হাজাৰ ৩৫৩গৰাকী লোক। ইফালে মৃত্যু হোৱা লোকৰ সংখ্যা ১,১৮৫গৰাকী।
দেশত ভয়াৱহভাৱে ভাবে কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে ভাৰতীয় পূৰাতাত্বিক জৰীপ বিভাগে বিভাগটোৰ অধীনৰ সকলো কীৰ্তিচিহ্নৰ দৰ্শন ১৫ মে’লৈকে বন্ধ কৰিছে | ৩৬৯৩টা কীৰ্তিচিহ্ন, ৫০টা সংগ্ৰহালয় বন্ধ ঘোষণা। অসমৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদিৰ দৰ্শন বন্ধ। বন্ধ থাকিব তাজমহল, কুতুবমিনাৰ আদিও। পুৰীৰ জগন্নাথ মন্দিৰ, সোমনাথ মন্দিৰ ভক্তৰ বাবে বন্ধ। দৈনিক পূজা-অৰ্চনা চলি থাকিব, ভক্তৰ বাবে নিষিদ্ধ। বিগত বৰ্ষতো কীৰ্তিচিহ্ন, সংগ্ৰহালয় বন্ধ কৰা হৈছিল। দীঘলীয়া সময়ৰ বাবে বন্ধ কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে।
অসমৰ কামাখ্যা মন্দিৰত ক’ভিড প্ৰট’কলৰ নামত কোনো যাত্ৰীয়ে নিয়ম মনা দেখা নাযায় । মন্দিৰ পৰিচালনা সমিতিয়েও যাত্ৰীসকলক বিশেষ সুৰক্ষাৰ ব্যবস্থা কৰা দেখা নগ’ল । নবৰাত্ৰী পুজা চলি থকাৰ বাবে দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে যদিও কাৰোৱেই গুৰুত্ব নাই সুৰক্ষাৰ ক্ষেত্ৰত ।
উল্লেখ্য যে, দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চিকিতসাধীন লোকৰ সংখ্যা ।বৰ্তমান ১৫লাখ ৬৯হাজাৰ ৭৪৩গৰাকী ৰোগী চিকিতসাধীন হৈ আছে ভাৰতত। দেশত ১১কোটি ৭২লাখ ২৩হাজাৰ ৫০৯গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।